EXAM PORTAL

গোহাৰী

ইয়াৰ দ্বাৰা আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অনলাইন মাধ্যমৰ জনপ্রিয় ৱেবচাইট www.axomkhubakh.com ৰ দ্বাৰা পোনপ্ৰথমবাৰৰ বাবে ছাত্র ছাত্ৰী সকলৰ বাবে লৈ আহিছে axom khubakh scholarship examination 2020 । আপোনালোকে হয়তো জানে আমি আমাৰ ৱেবছাইটৰ জৰিয়তে অসমীয়া সাহিত্যৰ লিখনি সমূহ ডিজিটেল মাধ্যমেৰে পাঠকৰ ওচৰত প্ৰকাশ কৰোঁ। এই পৰীক্ষাৰ জৰিয়তে প্ৰতিভাবান ছাত্ৰ ছাত্ৰী সকলক বৃত্তি দিয়াৰ ব্যৱস্থা কৰি দিয়া হব। এই পৰীক্ষা অহা ২৯ মাৰ্চ ২০২০ ইংৰাজী তাৰিখে অনুষ্ঠিত কৰা হব। পৰীক্ষা সমূহ দুটা শাখাত অনুস্থিত কৰা হব। ‘ক’ শাখা আৰু ‘খ’ শাখা । ‘ক’ শাখাত ক্ৰমে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু ‘খ’ শাখা নৱম আৰু দশম শ্ৰেণীৰ মাজত অনুস্থিত কৰা হব।
এই পৰীক্ষাত
প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰ বা ছাত্ৰী গৰাকীক ১০০০০ টকা(‘ক’ আৰু ‘খ’ দুয়োটা শাখাৰ বাবে)
দ্বিতীয় স্থান প্ৰাপ্ত ছাত্ৰ বা ছাত্ৰী গৰাকীক ৫০০০ টকা(‘ক’ আৰু ‘খ’ দুয়োটা শাখাৰ বাবে)
তৃতীয় স্থান প্ৰাপ্ত ছাত্ৰ বা ছাত্ৰী গৰাকীক ৩০০০ টকা(‘ক’ আৰু ‘খ’ দুয়োটা শাখাৰ বাবে) ৰ বৃত্তি প্ৰদান কৰা হব।
লগতে সকলো পৰীক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হব।

অসম সুবাস বৃত্তি পৰীক্ষা ২০২০

নিৰ্দেশনাসমূহ
১/ পৰীক্ষাসমূহ দুটা ভাগত অনুষ্ঠিত হব।(ক)নিম্ন শাখা  (খ) উচ্চ শাখা ।
২/ নিম্ন শাখাত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু উচ্চ শাখাত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ।
৩/প্ৰ-পত্ৰ পূৰণৰ মাছুল এশ(১০০) টকা।
৪/প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ
১০-০৩-২০২০
৫/ পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমত থাকিব।
৬/প্ৰশ্নকাকত মূল বিষয়
(ক)ইংৰাজী
(খ) বিজ্ঞান
(গ)গণিত
(ঘ)সাধৰণ জ্ঞান
৭/প্ৰশ্নকাকতৰ মুঠ মূল্যাংক ১০০নম্বৰ।
৮/পৰীক্ষাৰ প্ৰবেশ পত্ৰ নিৰ্ধাৰিত বিদ্যালয়ত দিয়া হব।
৯/পুৰস্কাৰসমূহ দুয়োটা শাখাত পৃথককৈ প্ৰদান কৰা হব।
প্ৰথম পুৰস্কাৰ:১০,০০০ টকা।
দ্বিতীয় পুৰস্কাৰ:৫,০০০ টকা।
তৃতীয় পুৰস্কাৰ:৩,০০০টকা।
১০/পৰীক্ষা ২২-০৩-২০২০তাৰিখে অনুষ্ঠিত কৰা হব।