New Assamese Love story এৰেন্জ মেৰেজ:Assamese Short love story Story

❤️এৰেন্জ মেৰেজ❤️ –কেইটা বাজিল এবাৰ ঘড়ীত চাওঁকচোন ?? বিয়াৰ দুদিনমান পিছতেই তাইৰ এনে সাহসী প্রশ্নই মোক বিচলিত কৰিলে। তেতিয়া ঘড়ীটোলৈ চাই দেখিলো ৰাতি ১২.৩০ । মই তেতিয়া দৰ্জাৰ বাহিৰত। মুখন বেকেটা কৰি ভিতৰলৈ সোমাই বিৰক্তিৰে তাইৰ কাষত বহি কলো ….. —-শুনা, মোৰ এতিয়া বিয়া কৰাৰ ইচ্ছাই নাছিল। মা দেউতাৰ পচন্দত তোমাক বিয়া কৰিছো। অন্য কোনো […]

আগলৈ

Axomiya Kobita শুভ্ৰ সেন্দুৰ Writter : Masum Borthakur

শুভ্ৰ সেন্দুৰ ৰঙাতকৈ বগাৰ উজ্জ্বলতা বেছি হয়তোবা প্ৰাপ্যত অধিকাৰো। ৰঙাই উপাধি সলাই নিজক সজাই সেন্দুৰীয়া আলিৰ মাজেৰে আৰ্চী পোনাই । ৰঙাই সুখ ফহটিয়াই চাই, বগাত দুখে ফৰ্মূটিয়াই। কাল পৰিধিত ৰঙচুৱাই মোট সলাই শুভ্ৰতাৰ আঁৰ টানি জড়তাই গ্ৰাসত পেলায়। ✍️মাচুম বৰঠাকুৰ

আগলৈ

Assamese Love Story নিয়ৰৰ সেমেকা ৰাতি Writter Satyajit Gogoi

নিয়ৰৰ সেমেকা ৰাতি Part 3 ৰাতিপুৱা উঠাত অলপ পলম হল৷দেউবাৰ দিনতোত এনেইও অলপ এলাহ লাগেই৷মুখখন ধুই চাহ দুকাপ পাতি দিলো৷অমৰো শুই উঠিলে৷ ঐ চাহ খাই অলপ উলাই যাম দেই৷ কত যাবি?মোৰ অলপ লিখিবলগা আছে৷ যলদি আহিম,ইনেই অলপ উলাই যাম৷ বল তেনে!ৰ মোৰ হেডফোন ডাল লৈ লও৷ ৰাতিপুৱা এই সময়খিনি মোৰ খোব ভাল লাগে৷আমি উলাই যাওঁৱে […]

আগলৈ

Axomiya Kobita স্বপ্নভংগ Liza Talukdar

স্বপ্নভংগ আপুনি নুবুজাকৈয়ে অনামী জখম বুকুত গুজি তাই এতিয়া বিনিদ্ৰ নিশাৰ উদাসী ছায়া। হৃদয় কেনভাচত তৃষাৰ বিননি, নিদ্ৰাহীন নিশাত খহি পৰে লাজৰ ওৰণি। প্ৰতিনিশাই তাই হেৰুৱায়… স্বপ্নভংগ বিভ্ৰমিত সপোন তথাপি যে নপৰে সুপ্ত ইতিহাসত তন্দ্ৰাবিষ্ট জোনাকৰ চিক্‌মিক্‌নী। -✍️লিজা তালুকদাৰ

আগলৈ

Assamese Love Story নিয়ৰৰ সেমেকা ৰাতি writter Satyajit Gogoi

নিয়ৰৰ সেমেকা ৰাতি Part-2 সময়বোৰ নাজায়েই৷বেলি ডুবিব হোৱাই নাই৷সৰুৰে পৰা দেখি আহিছো,অলপো Improvement নাই বেলিটোৰ৷ তাই ৫ বজাত ফোন কৰিলে৷ হেল্লঃহেল্ল,বিনি নহয় জানো? হয়! কোৱা কি কৰি আছা? ঘৰতে আছো,ইনেই৷তুমি কি কৰিছা? মই তোমাৰ কথাকে ভাবি আছিলোঁ,কেতিয়া ফোন কৰিবা বুলি৷ অলপ সময় নিৰবতা৷আছলতে সুধিবলৈ বা কবলৈ বহুত কথাই আছে৷লাজ,ভয় নে শংকা কিবা এতাই আগুৰি ধৰিছে৷ […]

আগলৈ

Axomiya Kobita মায়াময় ৰোম Writter Masum Borthakur

মায়াময় ৰোম ৰোম নগৰীৰ কংক্রিটৰ মায়াজালৰ পৰা আৰম্ভ কৰি সুউচ্চ বেশ্যাগৃহলৈ পইচাৰ কিমান দাম? ডলাৰৰ কিমান মান? প্ৰাচ্য প্ৰাচ্যাত্যৰ মদিৰাৰ পৰা হুইস্কি বিয়েৰৰ টোপোলাৰ ওজনত ফিকা চাহ এপিয়লাৰ হিচাপত কিমান দৰ? কেতিয়াবা আহৰি পালে ভাবিবচোন শকুনিৰ পাশা খেলৰ লগত এতিয়াৰ জুৱা খেলখনৰ সাদৃশ্য ক’ত…. বুজিছে ! দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ লগত এতিয়াৰ ধৰ্ষণকাণ্ডৰ জড়তাত অবকাশ নাই। এইবোৰ […]

আগলৈ

Assamese Love Story নিয়ৰত সেমেকা ৰাতি Writter Satyajit Gogoi

নিয়ৰত সেমেকা ৰাতি Part 1 এই তোৰ লগৰজনীক পতাই দে না৷ কোন লগৰ? সেই যে বিনি কোৱাজনী,তাইক মোৰ ভাল লাগিছে৷ ৰ কাইলৈ মই School গলে তাইক কৈ ছাম৷ এইয়া মোৰ ভনী অকন৷তাইৰ লগত এইবোৰ ক্ষেত্ৰত মই free.সকলো কথাই পাতোঁ আমি৷বিনিক মই আগৰপৰাই দেখি থকা,ভাল লাগে তাইক কিবা এতা মোৰ৷তাইৰ বাইদেউগৰাকী মোৰ লগতে পঢে,কিন্ত বাইককতো আৰু […]

আগলৈ

Assamese Poem হেঁপাহৰ চেনাই writter Masum Borthakur

হেঁপাহৰ চেনাই দুহাতৰ তলুৱাত তপত বেলি আঁকি ঢোলত চাপৰ মৰা তেঁওজনক জপাত সাঁচি থোৱা গামোছাখন পিন্ধাবলৈ মোৰ যে কিমান হেঁপাহ। কঁকালত টঙালিৰ গাঁঠি মাৰি সুহুৰিয়াই গৈ থকা তেঁওজনক চুৰকৈ এবাৰ জুমি চোৱাৰ মোৰ যে কিমান হেঁপাহ। বেলি লহিওৱাৰ পৰত একাঠুমান বোকা লেটিয়াই কঠিয়া সিঁচি থকা তেঁওজনলৈ চাই মিচিকীয়া এটি হাঁহি মৰাৰ মোৰ যে কিমান হেঁপাহ। […]

আগলৈ

Assamese Poem মোক এজন পিটাৰ লাগে Writter Masum Borthakur

মোক এজন পিটাৰ লাগে কোৱেৰেনটিন ডায়েৰীৰ হালধীয়া পৃষ্ঠাবোৰক নীলাৰ অকণ উম দিবলৈ মোক এজন পিটাৰ লাগে। অথবা, উজাগৰী নিশাৰ অভিসাৰী সপোনত মোৰ স’তে ঊণমালা গুঠিবলৈ। দূৰ আকাশৰ পোৱালমণি কেতিয়াবাই এঢলীয়া হ’ল এতিয়া এন্ধাৰে আৱৰা দিনবোৰত পোহৰ বুলি চিনাকি দিবলৈ তেওঁ নাই, গুপুত প্রেমৰ অযুত গাঁথাক এগালমান মৰমেৰে নিচুকালে সুখীহলোঁহেতেন কিম্বা হৃদয়ৰ ডৰিয়লিত এজাৰ হৈ ফুলিলে […]

আগলৈ

Assamese Kobita: সচাঁ Writter:Iasmn sabin

সচাঁ নাজানিলো সময়ক জুখিব৷ নোৱাৰিলো লাভ লোকচান গণিব৷ জানিও অজ্ঞানী হৈ ৰলো৷ নজনাবোৰ শিকিব নোৱাৰিলো৷ অলাগতিয়াল আৱৰজনাৰ সমতুল্য হলো৷ কুসুম হৈ সুবাস বিলাব নোৱাৰিলো৷ শব্দ পুষ্পৰে মোহিব নোৱাৰিলো৷ চলনাৰে মন জিকিব নিশিকিলো৷ মোহক আগুৰি জথৰ হৈ ৰলো৷ বাস্তৱিকতাৰ চকৰিত বাৰুকৈ ঘূৰিলো৷ প্ৰীতিভৰা হাবিয়াস মনতেই ৰাখিলো৷ কৰতব্যৰ শিকলিত নিজক বান্ধিলো৷ ✍🏻Iasmn sabin

আগলৈ