Axomiya Kobita মোৰ মন আকাশৰ জোন writer khun

মোৰ মন আকাশৰ জোন দুগালত হাত থৈ তুমি কি ভাবা….(জোন…!!!) সপোন নদীত নামিবা মোক বিচাৰি পাবা…. তোমাৰ ওঁঠৰ মোহনাত কি গজে ওঁঠে ওঁঠে লগলাগি প্রেমৰ আস্বাদন বাঢ়ে ৷ তোমাৰ বুকুৰ খলা-বমাত প্রেমিক চৰায়ে বাহ সাজে তোমাৰ বুকুৰ চ’ৰাঘৰত ৰুণুক-জুনুক জুনুকা মাতে তোমাৰ লাজুকী হাঁহিত কি আছে…!! চকুৰ চাৱনিত জোনাক নাচে….! পূর্ণিমাৰ জোনটি হৈ পোহৰাব আহিছা […]

আগলৈ

Axomiya Kobita শুভ্ৰ সেন্দুৰ Writter : Masum Borthakur

শুভ্ৰ সেন্দুৰ ৰঙাতকৈ বগাৰ উজ্জ্বলতা বেছি হয়তোবা প্ৰাপ্যত অধিকাৰো। ৰঙাই উপাধি সলাই নিজক সজাই সেন্দুৰীয়া আলিৰ মাজেৰে আৰ্চী পোনাই । ৰঙাই সুখ ফহটিয়াই চাই, বগাত দুখে ফৰ্মূটিয়াই। কাল পৰিধিত ৰঙচুৱাই মোট সলাই শুভ্ৰতাৰ আঁৰ টানি জড়তাই গ্ৰাসত পেলায়। ✍️মাচুম বৰঠাকুৰ

আগলৈ

Axomiya Kobita স্বপ্নভংগ Liza Talukdar

স্বপ্নভংগ আপুনি নুবুজাকৈয়ে অনামী জখম বুকুত গুজি তাই এতিয়া বিনিদ্ৰ নিশাৰ উদাসী ছায়া। হৃদয় কেনভাচত তৃষাৰ বিননি, নিদ্ৰাহীন নিশাত খহি পৰে লাজৰ ওৰণি। প্ৰতিনিশাই তাই হেৰুৱায়… স্বপ্নভংগ বিভ্ৰমিত সপোন তথাপি যে নপৰে সুপ্ত ইতিহাসত তন্দ্ৰাবিষ্ট জোনাকৰ চিক্‌মিক্‌নী। -✍️লিজা তালুকদাৰ

আগলৈ

Axomiya Kobita মায়াময় ৰোম Writter Masum Borthakur

মায়াময় ৰোম ৰোম নগৰীৰ কংক্রিটৰ মায়াজালৰ পৰা আৰম্ভ কৰি সুউচ্চ বেশ্যাগৃহলৈ পইচাৰ কিমান দাম? ডলাৰৰ কিমান মান? প্ৰাচ্য প্ৰাচ্যাত্যৰ মদিৰাৰ পৰা হুইস্কি বিয়েৰৰ টোপোলাৰ ওজনত ফিকা চাহ এপিয়লাৰ হিচাপত কিমান দৰ? কেতিয়াবা আহৰি পালে ভাবিবচোন শকুনিৰ পাশা খেলৰ লগত এতিয়াৰ জুৱা খেলখনৰ সাদৃশ্য ক’ত…. বুজিছে ! দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ লগত এতিয়াৰ ধৰ্ষণকাণ্ডৰ জড়তাত অবকাশ নাই। এইবোৰ […]

আগলৈ

Assamese Poem হেঁপাহৰ চেনাই writter Masum Borthakur

হেঁপাহৰ চেনাই দুহাতৰ তলুৱাত তপত বেলি আঁকি ঢোলত চাপৰ মৰা তেঁওজনক জপাত সাঁচি থোৱা গামোছাখন পিন্ধাবলৈ মোৰ যে কিমান হেঁপাহ। কঁকালত টঙালিৰ গাঁঠি মাৰি সুহুৰিয়াই গৈ থকা তেঁওজনক চুৰকৈ এবাৰ জুমি চোৱাৰ মোৰ যে কিমান হেঁপাহ। বেলি লহিওৱাৰ পৰত একাঠুমান বোকা লেটিয়াই কঠিয়া সিঁচি থকা তেঁওজনলৈ চাই মিচিকীয়া এটি হাঁহি মৰাৰ মোৰ যে কিমান হেঁপাহ। […]

আগলৈ

Assamese Poem মোক এজন পিটাৰ লাগে Writter Masum Borthakur

মোক এজন পিটাৰ লাগে কোৱেৰেনটিন ডায়েৰীৰ হালধীয়া পৃষ্ঠাবোৰক নীলাৰ অকণ উম দিবলৈ মোক এজন পিটাৰ লাগে। অথবা, উজাগৰী নিশাৰ অভিসাৰী সপোনত মোৰ স’তে ঊণমালা গুঠিবলৈ। দূৰ আকাশৰ পোৱালমণি কেতিয়াবাই এঢলীয়া হ’ল এতিয়া এন্ধাৰে আৱৰা দিনবোৰত পোহৰ বুলি চিনাকি দিবলৈ তেওঁ নাই, গুপুত প্রেমৰ অযুত গাঁথাক এগালমান মৰমেৰে নিচুকালে সুখীহলোঁহেতেন কিম্বা হৃদয়ৰ ডৰিয়লিত এজাৰ হৈ ফুলিলে […]

আগলৈ

Assamese Kobita: সচাঁ Writter:Iasmn sabin

সচাঁ নাজানিলো সময়ক জুখিব৷ নোৱাৰিলো লাভ লোকচান গণিব৷ জানিও অজ্ঞানী হৈ ৰলো৷ নজনাবোৰ শিকিব নোৱাৰিলো৷ অলাগতিয়াল আৱৰজনাৰ সমতুল্য হলো৷ কুসুম হৈ সুবাস বিলাব নোৱাৰিলো৷ শব্দ পুষ্পৰে মোহিব নোৱাৰিলো৷ চলনাৰে মন জিকিব নিশিকিলো৷ মোহক আগুৰি জথৰ হৈ ৰলো৷ বাস্তৱিকতাৰ চকৰিত বাৰুকৈ ঘূৰিলো৷ প্ৰীতিভৰা হাবিয়াস মনতেই ৰাখিলো৷ কৰতব্যৰ শিকলিত নিজক বান্ধিলো৷ ✍🏻Iasmn sabin

আগলৈ

Assamese Kobita: উপলব্ধিWritter:Iasmn sabin

উপলব্ধি কিমান দিন এনেকৈ৷ থাকিম আমি ৰৈ৷ নয়নৰ অশ্ৰুক নোৱাৰো ৰখাব৷ হিয়াৰ বেদনা নোৱাৰো বুজাব তিল তিলকৈ আমিবোৰ লুপ্ত হম৷ এনেকৈ কিদৰেনো জীয়াই যাম৷ স্তব্ধ হৈ গৈছে জীৱনৰ বেলিকা৷ কিজানি এনেকৈয়ে ওৰ পৰিব জীৱনৰ যৱনিকা৷ যেতিয়াই পাও আহৰি৷ তেতিয়াই বেথা পাও বিচাৰি৷ সহ্য নহয় মোৰ এনে পৰিৱেশৰ সান্নিধ্য৷ উপায়হীন হৈও জীয়াবলৈ হৈছো বাধ্য৷ ✍🏻Iasmn sabin

আগলৈ

Assamese Kobita: কোন তুমি? Writter:Iasmin sabina

কোন তুমি? কোন তুমি? তুমি এপাহ ফুল যিয়ে সুবাস বিলাই৷ কোন তুমি? তুমি এডাল শলিতা যিয়ে পোহৰ দিয়াই৷ কোন তুমি? তুমি এটি আশা যিয়ে জীয়াই যাবলৈ শিকায়৷ কোন তুমি? তুমি এটি সপোন যিয়ে পূৰ্ণতালৈ বাট চায়৷ কোন তুমি? তুমি এটি হাহিঁ যিয়ে সুখ বিৰিঙাই৷ কোন তুমি? তুমি এটি ৰাস্তা যিয়ে আগুৱাই যাবলৈ কয়৷ কোন তুমি? […]

আগলৈ

Axomiya Kobita: অবুজনৰ বাকৰিত witter :Iasmin sabina

অবুজনৰ বাকৰিত অবুজনৰ বাকৰিত আমিবোৰ বন্দী, বুজন ক্ষমতা যেন নাইকীয়া হৈছে, জ্ঞান অৰ্জন কৰিও অজ্ঞানীৰ ভাঁও লওঁ । বাস্তবিকতাক পাহৰি নাটকীয়া ৰুপ লওঁ। অবুজনৰ চাকনৈয়াৰ আমিবোৰ যাত্ৰী, ক্ষন্তেকীয়া জীৱনটিত আছে মাথো মোহক সাৱটি। কি নাই, কি আছে, কি নালাগে, কি লাগে, অবুজনৰ বাকৰিত আমিবোৰ বন্দী, অজ্ঞাতে আমাৰ মৃত্যুৰ ক্ষন কাষ চাপিছে। অবুজনৰ বাকৰিত আমিবোৰ বন্দী, […]

আগলৈ