Axomiya Kobita মোৰ মন আকাশৰ জোন writer khun

Axomiya Kobita

মোৰ মন আকাশৰ জোন

দুগালত হাত থৈ
তুমি কি ভাবা….(জোন…!!!)
সপোন নদীত নামিবা
মোক বিচাৰি পাবা….

তোমাৰ ওঁঠৰ মোহনাত
কি গজে
ওঁঠে ওঁঠে লগলাগি
প্রেমৰ আস্বাদন বাঢ়ে ৷

তোমাৰ বুকুৰ খলা-বমাত
প্রেমিক চৰায়ে বাহ সাজে
তোমাৰ বুকুৰ চ’ৰাঘৰত
ৰুণুক-জুনুক জুনুকা মাতে

তোমাৰ লাজুকী হাঁহিত
কি আছে…!!
চকুৰ চাৱনিত
জোনাক নাচে….!

পূর্ণিমাৰ জোনটি হৈ পোহৰাব
আহিছা মোৰ আন্ধাৰ চোতাল

এদিন…!
সেউতাত ৰূপণ কৰি নতুন সূর্য
তুমি হবা মোৰ জোন
আৰু…
আজীৱন হৈ ৰ’ম
মই তোমাৰ সোণ…!!!

-সোণ

Leave a Reply

Your email address will not be published. Required fields are marked *