New Assamese Love Story সচাঁ ভালপোৱা Assamese Herat Touching Love Story

Axomiya Short Story

সচাঁ ভালপোৱা

এবাৰ ছোৱালী এজনী আৰু লৰা এটাৰ ব্ৰেক-আপ হল ৷ ইজনে সিজনক বহুত ভাল পাইছিল,কিন্তু ভুল বুজাবুজিৰ বাবে সিহতৰ সমন্ধ অন্ত পৰিছিল ৷
কিন্তু ঘটনাক্ৰমে দুয়ো এদিন এটা ডাঙৰ কোম্পানীৰ ইন্টাৰভিউ দিবলৈ গৈ লগা লগি হল ৷

খা-খবৰ সুধি ছোৱালী জনীয়ে কলে —
ছোৱালী:- শুনিছো,তোমাৰ নতুন Gf জনী বোলে বহুত ধুনীয়া ৷
লৰা:- লগৰ বোৰে তেনেকৈ কয় ৷
(কিন্তু তোমাতকৈ ধুনীয়া নহয়)

ছোৱালী:- তাই বোলে বহুত ডাঙৰ কোম্পানীত চাকৰি কৰে..?
লৰা:- হয় ৷ বহুত দৰমহা পায় ৷
(কিন্তু তাই মোক তোমাৰ দৰে মৰম দিব নোৱাৰে)

ছোৱালী:- মনে মিলা ছোৱালী পাই গলা যেতিয়া, বিয়া কেতিয়া পাতিবা..? (তুমি যাৰ লগতে নাথাকা, মই তোমাক সদায় ভাল পাই থাকিম)
লৰা:- পাতিলে জনাম দিয়া ৷
(মিছাকে কৈছো প্লিজ নাকান্দিবা)
ছোৱালী:- শুভেচ্ছা জনালো, ভালদৰে থাকিবা।(তোমাৰ সুখেই, মোৰ সুখ)

ছোৱালীজনীৰ চকু চলচলিয়া হৈ গল, যেনে তেনে চকুলো সামৰি বিদায়লৈ যাব লওঁতে লৰাটোৰ হাতখন ৰুমালেৰে মেৰিয়াই থোৱা দেখি কলে —
ছোৱালী:- কি হল হাতত..?
লৰা:- তোমাক এটা কথা কোৱাই নাই,
আমাৰ ব্ৰেক-আপ হল ৷

ছোৱালী:- কিয় ?
আকৌ নতুন কৰোবাক লগ পালা নেকি ?
লৰা:- সিদিনা তাই মোক টেটু কৰি তাইৰ নামতো মোৰ হাতত লিখি লব কৈছিল ৷ মইও তাইৰ কথা মতে আৰ্টিছৰ ওচৰলৈ গলো ৷ কিন্তু কিয় নাজানো,যেতিয়া আৰ্টিছ জনে গাৰ্লফেৰ্ন্দৰ নামতো সুধিলে,তেতিয়া মই তোমাৰ নামটো কৈ দিলো আৰু তোমাৰ নামতো মোৰ হাতত লিখা হৈ গৈছে ৷ তোমাৰ নাম মোৰ হাতত দেখা পাই তাই মোক এৰি গুছি গ’ল ।

ছোৱালীজনীৰ চকু পানী উলাই আহিল,তাই লৰাটোক সাৱতি ধৰি কান্দি কান্দি কলে –
ছোৱালী:- তুমি মোক ইমান ভালপোৱা..?
লৰা:- বহুত বহুত ভাল পাও ৷
ছোৱালী:- আই লাভ ইউ বান্দৰ ৷
লৰা:- আই লাভ ইউ টু কান্দুৰী ৷
কান্দোনৰ মাজতে হাঁহিৰ খলকনি উঠিল, প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ প্ৰেম সচা হলে দুটা শৰীৰত এটা আত্মা থকা যেন হয় ৷ ভুল বুজা বুজি হোৱাতো স্বাভাৱিক । এইবোৰ বাধা আতৰাই আগুৱাই যোৱাতো সচা প্ৰেমৰ লক্ষণ ৷

ভাল লাগিলে Share কৰিব নাপাহৰিব ।

বি দ্ৰ:
এইতো এ টা মাঠো copy পোস্ট হে….লিখকজনক আমি বিচাৰি পোৱা নাই যদি তেও এইটো পস্ট পঢ়ি আছে তেন্ততে আমাৰ লগত যোগাযোগ কৰক | শ্বেয়াৰ কৰক আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ধন্যবাদ ,!!!

Leave a Reply

Your email address will not be published. Required fields are marked *