New Assamese Love Story সপোনৰ প্ৰেম Heart Touching Love Story

Axomiya Short Story

সপোনৰ প্ৰেম

আজি তাইক দেখিছো, মোৰ সন্মুখেৰে গৈছে। উঠত ৰঙা লিপষ্টিক আৰু কপালত ৰঙা ফুটোৰে জিলিকে উঠিছে তাই।

তাইৰ কথা ভাবি থাকিলে যে টোপনিও।নধৰে মোৰ। নিশাও বহুত হৈছো, তাইৰ কথা ভাবিবলৈ এৰি মই শুই থাকিলো।

তাই আহি মাত লগালে,

  • অই, কি হল আজি তোমাৰ?
  • কতনো কি হল? একো হোৱা নাইচোন।
  • আজি মোৰ কথা ভৱা নাই যে?
  • ভাবি আছিলোটো।
  • সচাইনে?
  • অহটো।
  • তেন্তে থিক আছে।
  • ভালে আছা নে তুমি?
  • আছো দিয়া। আৰু তুমি?
  • ময়ো আছো ভালে।
  • ওম।
  • যোৱা ৰাতি তুমি সপোনত নাহিলা যে কিয়?
  • যোৱা ৰাতি তোমাৰ কথা ভাবি থাকোতে নুশুৱাকৈয়েই থাকিলো।
  • ৱাহ, ইমান ভাল পোৱা তুমি মোক?
  • ওম তোমাতকৈও বেচি।

এয়া মোৰ সপোনহে আছিল। সদায় নিশা সপোনত তাইক দেখো আৰু সপোনত আমাৰ প্ৰেম কাহিনী বহু দুৰলৈ আগবাঢ়িছে। কিন্তু দীঠকতযে তাইক আজিলৈ মই মাতিও পোৱা নাই।

সপোনতে তাই মোক কয়,

  • আমি গোটেই জীৱনটো এনেদৰেই সুখি হৈ থাকিম হা।
  • তুমি লগত থাকিলে মই সদায় সুখি হৈয়েই থাকিব পাৰিম। আৰু তুমি মোৰ পৰা আতৰি নগলে সদায় তোমাক সুখতেই ৰাখিব পাৰিম।
  • ৱাহ।

টোপনি ভাঙি গল। কিন্তু সপোনটোৱে দি গল এটা মৰমৰ হাহি।

দীঠকত সদায় তাইক মাথো চাবলৈহে যা তাই পঢ়া কলেজৰ গেটলৈ। তাইক চাগে কেতিয়াও কব নোৱাৰিম ভাল পাও বুলি।

বাৰু মই সুখী সপোনটযে তাই মোৰেই হৈ আছে।

আজিও নিশা শুব ওলাইছিলোহে। ফেচবুকটো খুলি চায়েই দেখিলো এটা ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে।

চাই দেখিলো ৰিকুৱেষ্টটো তায়েই পথাইছে। এয়াও সপোন বুলি ভাবি নিজৰ গালতে ৪-৫ বাৰ চৰিয়াই চালো। পিচে এয়া দীথক আছিল।

ৰিকুৱেষ্টটো এক্সেপ্ট কৰাৰ লগে লগে তাই মেচেজ দিলে,

  • থেংকইউ।
  • ওৱেলকম।
  • তোমাক কিবা চিনাকি চিনাকি যেন লাগিছে। আমি কৰৱাত লগ হৈছো নেকি?
  • অহ হৈছোটো। তুমিচোন সদায় মোৰ সপোনত আহা।
  • কি?
  • চৰি ধেমালি কৰিছো।
  • ধুনীয়া লাগিছে কথাটো।
  • কিনো ধুনীয়া লাগিছে?
  • আনকমন ডাইলগ।

এতিয়াও মাজে মাজে সকলোবোৰ সপোন সপোন যেনেই লাগি আছিল বাবেহে তাইৰ লগত এনেদৰে কথা পাতি থাকিব পাৰিছো। নহলেটো তাইৰ সন্মুখত বাক্যবোৰৰ পৰিভাষাই পাহৰি যাও মই।

তাই আকৌ মেচেজ দিলে,

  • তোমাক কৰৱাত দেখিছো অ মই।
  • দেখা নাই নেকি?
  • দেখিছো অ, তোমাৰ প্ৰফাইলত থকা গোতেইবোৰ ফটো চালো মই।
  • তেন্তে মনত কৰাচোন কতবা দেখিছা?
  • মনতেইটো পৰা নাই।

সেইদিনা হঠাতেই কথা পতা বন্ধ হৈ গল। তাৰ পিছত এসপ্তাহলৈ আৰু তাইৰ মেচেজ নাহিল। মই সদাইৰ তাইৰ ইনবক্সটো চেকহে কৰিছিলো কিন্তু মেচেজ দিব পৰা নাছিলো।

সপোনতেই তাইক শুধিলো,

  • কি অ, দীঠকতচোন ওচৰ চাপি আহিছিলা, মোৰ আপোন হব বিচৰা নেকি?
  • মইচোন তোমাৰ আপোনেই।
  • সপোনতহে?
  • ধেই মুৰ্খ দীঠকটো।
  • সচাই নে?
  • অহটো।

মনটো ভাল লাগি গল। ভাবিলো আজি ময়েই মেচেজ পথাই দিও।

টাইপ কৰিব ধৰিলো,

  • হাই, যোৱা ৰাতিৰ সপোনতযে কৈছিলা কথাটো সচানে মিচা অ?

টাইপ কৰি ভাবিলো, ধেত নিদিও। মেচেজটো কেঞ্চেল কৰিব বিচাৰোতে ভুলতেই চেণ্ড হৈ গল। আৰু লগে লগে তাইৰ মেচেজ আহিল।

  • মনত পৰিছে অ তোমাক কত দেখিছো।
  • কত…

তেতিয়ালৈ মোৰ ভুলতে চেণ্ড হোৱা মেচেজটো তাই পঢ়ি ৰিপ্লাই দিলে,

  • সপোনত আকৌ মই তোমাক কি কলো?
  • একো নহয় দিয়া। মোক দেখিছিলা?
  • আগতে কোৱা।
  • কি?
  • সপোনত মই কি কৈছিলো?
  • তুমি হেনো মোৰ আপোন।
  • হা…হা…
  • হাহিলা যে?
  • তোমাক আমাৰ কলেজৰ গেটত দেখিছিলো বহু দিন।
  • হাহিলা কিয়?
  • আমাৰ কলেজলৈ কাক চাবলৈ আহানো তুমি।
  • আছে এজনি। মোক সপোনত আমনি কৰি থাকে।
  • হেৰা, সপোনৰ প্ৰেমিক দীঠকলৈ আহা।
  • মই তোমাক ভাল পাও।

কি ভাবি কলো কথাটো মই নিজেই নাজানো। যাক মাতিবলৈও মোৰ সাহস হোৱা নাছিল তাইক চিধাই ভাল পাও বুলি কয় দিলো।

সকলোবোৰ ইমানতে শেষ হব যেন লাগিল। কিন্তু তাইৰ পৰা মেচেজ এটা আহিল।

  • সপোমতযে মই তোমাৰ প্ৰেয়সী তুমি মোক কোৱা নাছিলা কিয়?
  • তুমি কেনেকৈ গম পালা?
  • হয়নে কথাটো?
  • কথাটো হয় বাৰু। কিন্তু তুমি…
  • মোক কি বুৰ্বক বুলি ভাবিচা নেকি?
  • নাই ভবা।
  • তোমাৰ প্ৰফাইলটোৰ ফুলষ্টপটোও চাবলৈ নেৰিলো। তেনেকৈ গম পালো।
  • মানে?
  • যোৱা ২ বছৰ ধৰি তুমি মোৰ বিষয়ে যে কিমান কি পোষ্ট কৰিছা।
  • কিন্তু মইটো সেইবোৰত কতো তোমাৰ নাম লিখা নাই।
  • মোৰ বিষয়ে লিখিচা মইনো গম নাপামনে?
  • কেনেকৈ গম পালা?
  • মই পিন্ধা কাপোৰজোৰক লৈ, মোৰ কানৰ কানফুলিজোৰক লৈ, মোৰ কপালৰ ফুটটোক লৈ, মোৰ হাতৰ জেতুকাক লৈ, মই চাদৰ-মেখেলা পিন্ধি আনকম্ফোৰ্টেবল হোৱাকলৈ সকলো লিখিছাচোন। আৰু এইবোৰ সকলো মোৰ বিষয়ে লিখিছা যেতিয়া মইটো গম পামেই ন?
  • অহ… বহু দিনৰ পৰা সপোনত তুমি মোৰ প্ৰেয়সী হৈ আছা। সপোনত আমি প্ৰেমৰ চৰাই হৈ আছো। সপোনত আমি বহু অতিতক পাহৰি নতুন ভৱিষ্যতৰ কল্পনা কৰিছো।
  • সকলোবোৰ দীঠকত কৰিবলৈ সাজো হোৱা।

চমক খাই উঠি কলো,

  • মানে…?
  • সপোনতেই যদি তুমি মোক ইমানকৈ ভাল পাব পাৰা, দীঠকতচোন মোক তুমি আলাশত ৰাখিবা অ। প্ৰেমত পৰি গলো তোমাৰ।
  • মোৰ বিশ্বাসেই হোৱা নাই। এয়াও সপোনেই চাগে?
  • ওচৰত থাকিলে তোমাৰ গালত চুমা এটাকে দি দিলো হেতেন।

বহুত পিছত বিশ্বাস কৰিলো এয়া যে সপোন নহয়। এতিয়াহে বিশ্বাস হল তাই দীঠকতো মোৰ প্ৰেম হৈ আহিল। এতিয়া আৰু তাই মোৰ কেৱল সপোনৰ প্ৰেম নহয়।

বি দ্ৰ:
এইতো এ টা মাঠো copy পোস্ট হে….লিখকজনক আমি বিচাৰি পোৱা নাই যদি তেও এইটো পস্ট পঢ়ি আছে তেন্ততে আমাৰ লগত যোগাযোগ কৰক | শ্বেয়াৰ কৰক আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক ধন্যবাদ ,!!!

Leave a Reply

Your email address will not be published. Required fields are marked *