Herat Touching Love Story: প্ৰেমে নামানে কোনো জাতি Assamese love story

Axomiya Short Story

প্ৰেমে নামানে কোনো জাতি

_প্লাৱিতা গোস্বামী বৰ্তমান কটন কলেজৰ ছাত্ৰী… কটনৰ বুকুত তাই প্ৰথম খোজ দিছিল ২০১৮ চনত তাইৰ মেজৰ আছিল ইংৰাজী বিভাগত আৰু তাই বহু দূৰৰ পৰা গৈছিল কটন কলেজত পঢ়িমগৈ বুলি..!!তাইৰ দেউতাকৰ প্ৰকৃত ঘৰ আছিল মালিগাওঁত কিন্তু চাকৰি সূত্ৰে সিঁহত গোটেই পৰিয়াল অৰ্থাৎ তাইৰ মাক,দেউতাক,ভাইটি আৰু আইতাক ডিফুত থাকিছিল আৰু তাই ডিফুতেই ডাঙৰ-দীঘল হৈছিল । তাইৰ দেউতাক আছিল পেচাত OC আৰু মাক নাৰ্চ,বাবু তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ে..তাৰ আৰু প্লাৱিতাৰ বয়সত ১১ বছৰৰ পাৰ্থক্য আছিল আৰু আইতাকৰ প্ৰাণ আছিল বাবু আৰু তাই কাৰণ মাক-দেউতাক গোটেই দিনটোৰ কাৰণে গুচি গৈছিল কামত আৰু সিঁহত দুয়োটা আইতাৰ লগতে সময় কটাইছিল । আইতা মানে সিঁহতৰ মাকৰ মাক..!!দেউতাকৰ ঘৰটো সিঁহত কোনেও দেখিয়েই পোৱা নাই কাৰণ আইতাকে কোৱা মতে দেউতাক আৰু মাক দুয়োৰে প্ৰেমৰ‌ সম্পৰ্ক আছিল কিন্তু দেউতাকৰ নাম আছিল প্ৰমোদ গোস্বামী আৰু মাকৰ নাম আছিল সুবাসনা কলিতা। দেউতাকৰ ঘৰত কেতিয়াও এই সম্পৰ্ক মানি নল’লে..!কাৰণ জাতিভেদ..দেউতাকৰ ওপৰত দুজন বৰদেউতাক আছে তেওঁলোকৰ অস্বীকাৰতাই দেউতাকক দূৰ্বল কৰি পেলাইছিল.. ককাক দেউতাক সৰু থাকোতেই ঢুকাইছিল ঘৰৰ মুৰব্বী ককায়েক দুজনেই আছিল সেইকাৰণে তেতিয়া আইতাৰ কথা কোনেও শুনা নাছিল আৰু মাকক কোনেও স্বীকাৰ কৰিব সাজু হোৱা নাছিল । কিন্তু দেউতাক মজবুৰ হৈ মাকক বিয়া কৰাম বুলি ঘৰৰ বিপৰীতে গৈ ওলাই আহিছিল,সমাজে বহুত কথা কৈছিল দেউতাকক, বহুত শুনিছিল তেওঁ,সহ্য কৰিছিল । কোনোবাই তেওঁক আইতাকৰ সন্তান হৈ এনেকুৱা কৰিছে বুলিও হাঁহিছিল কিন্তু দেউতাকৰ উপায় নাছিল কাৰণ প্লাৱিতা তেতিয়া মাকৰ গৰ্ভত আছিল । দেউতাকৰ ঘৰত এইটো কথা নাজানিছিল কিন্তু তেওঁ আহিবলগীয়া দায়িত্ব খিনিক স্বীকাৰ কৰিম বুলি ঠিৰাং কৰিছিল । কাৰণ দেউতাকৰ মতে সেই কণমানি জনীয়ে পৃথিৱীত অহাই নাছিল আৰু ইয়াত তাইৰ একো ভুল নাছিল…!!

_তাইৰ মাকৰ ঘৰত কেৱল মাক আৰু আইতাকেই আছিল দেউতাকে সেই কাৰণে ঘৰ এৰি অহাৰ এমাহ পিছতেই মাকক বিয়া কৰাই আইতাকৰ সৈতে ডিফুলৈ লৈ আহিছিল আৰু ঠিক বিয়া ৭ মাহ পিছত তাইৰ জন্ম হৈছিল ডিফুত….বহুত মৰম কৰিছিল তাইক আইতাক, দেউতাক, মাক সকলোৱে..কিন্তু মাক-দেউতাক যেতিয়া অফিচলৈ গুচি যায় তেতিয়া কেৱল ঘৰত তাই আৰু আইতাক..। আইতাক নিজৰ কামত ব্যস্ত থাকে তাই অকলেই দিন কটাই কাৰণ সিঁহতৰ ওচৰে-পাজৰে তেনেকুৱা তাইৰ বয়সৰ কোনো সৰু ল’ৰা-ছোৱালীও নাছিল..!!

তাই ডাঙৰ হ’ল লাহে-লাহে…আৰু তাইক স্কুলত নাম লগাই দিলে ইংৰাজী মাধ্যমৰ স্কুল এখনত ।ল’ৰা-ছোৱালীবোৰ খুব দুষ্ট মানে বদমাচী কৰা সিঁহতৰ প্ৰথম পৰিচয়…স্কুলৰ প্ৰ’গ্ৰাম বোৰত সকলোৱে নিজৰ পৰিয়ালৰ লগত আহে কিন্তু তাইৰ মাক-দেউতাক কোনো জনেই সময় পোৱা নাছিল তাই ওচৰৰ ছোৱালী এজনীৰ মাকৰ লগতেই পাৰ কৰিছিল প্ৰ’গ্ৰামবোৰ…মাক-দেউতাকৰ ব্যস্ততাই তাইক কেতিয়াও দুখ দিয়া নাছিল কিন্তু তাইৰ মন বেয়া তেতিয়া লাগিছিল যেতিয়া তাইৰ লগৰ বোৰে নিজৰ নিজৰ ভায়েক – ভনীয়েকৰ লগত আহে কাৰণ তাইৰ কোনো ভাই-ভনী নাছিল..।।

এদিন ৰাতি সকলোৱে ভাত খাই থাকোতে তাইৰ হঠাৎ এইটো প্ৰশ্নই যেন মাকৰ চকুত চকুপানী কঢ়িয়াই আনিছিল…কণমানি জনীৰ এটি সৰু প্ৰশ্নই কিয় মাকক আঘাত দিলে তাই ধৰিবই নোৱাৰিলে..এনেকৈ তাই লাহে লাহে ডাঙৰ হৈ আহিল অকলেই..যেতিয়া তাই সপ্তম শ্ৰেণী পাই হঠাৎ এদিন যেন তাইৰ আনন্দৰ সীমা নাই,গোটেই ঘৰখন মুৰৰ ওপৰত উঠাই লৈছিল তাই কাৰণ তাইক মাকে কৈছিল যে তাইৰ মনোকামনা ভগৱানে শুনিছে আৰু বহু সোণকালে সিঁহতৰ ওচৰলৈ এটি কণমানি আহিব…তাইৰ যেন সকলোতকৈ বেছি আনন্দ,বেছি চিন্তা,বেছি উৎসাহিত তাই..আৰু এনেদৰে ৯মাহ পিছত তাইৰ ওচৰলৈ এটি মৰমলগা ল’ৰা উপহাৰ হিচাপে হাতত তুলি দিছিল দেউতাকে..বায়েক যেন মাক হৈ পৰিছিল আনন্দত আৰু তায়েই তাৰ নাম ৰাখিছিল প্লাৱিতাৰ ভায়েক কেৱল তাইৰ ওচৰতে থাকিব বাকি সকলোৱে তাই থাকোতে তাৰ ওচৰত অহাটো সম্ভৱ নহ’য় সেই কাৰণে তাৰ নাম তাই ৰাখিছিল “দুৰ্লভ”…সি তাইতকৈ বহুত সৰু আছিল কিন্তু মৰম দুয়ো সমানে পাইছিল..!!লাহে-লাহে ডাঙৰ হ’ল তাই উচ্চতৰ মাধ্যমিকত ধুনীয়া ফলাফল অৰ্জন কৰি তাই বিখ্যাত তেতিয়াৰ কটন বিশ্ববিদ্যালয়ত চিট পালে আৰু সকলোৰে পৰা যেন দুৰত গুচি আহিল,ভায়েকক এৰি অহাৰ বেছি দুখ তাইৰ সদায় যেন একেলগে থাকিম ভাবি লৈছিলহে মাথো এৰি আহিব হ’লেই..।
কটন আহিয়েই তাই ৰুম লৈছিল আৰু তাইৰ লগত আছিল আৰু দুজনী বান্ধৱী। প্ৰথম ঘৰৰ পৰা দূৰত থাকিছে এনেদৰে যদিও সদায় ঘৰলৈ মনত পৰে সিঁহতে ফুৰা চকা বাদ দিয়া নাছিল । ক্লাচ শেষ হ’লেই ফুৰিব যোৱা, দেওবাৰটো‌ আহিলেই চিনেমা চাব যোৱা,শ্বপিং,পাৰ্ক সকলোবোৰ ঘুৰি ফুৰে..কাৰণ উপায়ো নাই ঘৰলৈ মনত পৰিলেই তাই গুচি আহিব নোৱাৰে অহা যোৱা কৰি থাকোতে ক্লাচবোৰ বৰকৈ ক্ষতি হ’য়..সেইকাৰণে মন বেয়া লাগিলেই লগৰ কেইটাৰ লগত ওলাই যায়,বাকি ইন্টাৰনেটৰ যুগ সদায় ফোন,ভিডিঅ’ কল কৰিয়েই থাকে ঘৰলৈ তাই..। কিন্তু তথাপিও তাইৰ দেউতাৰ তাইৰ ওপৰত বহুত বিশ্বাস আছিল আৰু সেইকাৰণেই তাইক বহু পৰিমাণে স্বাধীনতা দিছিল..।।

সেইদিনা আছিল ১৫ চেপ্তেম্বৰ,তাইৰ লগৰ দুয়োজনী ঘৰলৈ গৈছিল..দুয়োজনীৰ ঘৰ গুৱাহাটীতেই কিন্তু তাই যাব নোৱাৰিলে..!!সেই দিনা গধুলি তাই অকলেই ওলাই গৈছিল,কিছু আন্ধাৰ নামিছিল মালিগাঁওৰ পৰা টিউশ্বন কৰি ঘুৰি আহোতে হঠাৎ যেন তাই চিঞৰ মাৰি দৌৰিব ধৰিলে কাৰণ এজনী বয়সীয়াল মহিলা এখন বিশাল ট্ৰাকৰ আগত পৰিছে আৰু তেওঁ দৌৰিব পৰা নাই..। তাই কোনো বেলেগ চিন্তা নকৰি,নিজৰ বাবে ভয় নকৰি কেৱল মাত্ৰ মহিলা গৰাকীৰ কথা ভাবি দৌৰি গৈছিল তেওঁক বচাব বুলি..তাইৰ সাহসৰ বলত মহিলা গৰাকীক তাই বচাই আনিছিল কিন্তু পুনৰ হঠাৎ তাইৰ সমুখেৰে খুব স্পীডত বাইক এখন গৈছিল আৰু তাই পিছফালে বাগৰি পৰিছিল আৰু সেই ট্ৰাক খন তাইৰ ওপৰত…..

হুৱা-দুৱা লাগিছিল এম্বুলেন্সত তাইক কেইজন মান মানুহে হস্পিতাললৈ লৈ গৈছিল,সকলোৱে চেষ্টা কৰিও তাইৰ ম’বাইলৰ পাচৱৰ্ড খুলিব পৰা নাছিল তাই মাত্ৰ তেজত ৰঙা হৈ আছিল,তাইৰ বগা কামিজটো তেজেৰে ৰাঙলি হৈ গৈছিল..তাইৰ মাত্ৰ জীৱটো আছিল…মালিগাওঁ পুলিচে তাইৰ কলেজ পৰিচয় পত্ৰত দেউতাকৰ ম’বাইল নম্বৰ ডাইল কৰি কোনোমতে ঘৰত খবৰ দিছিল আৰু পিছে পিছে সেই বয়সীয়াল মহিলা গৰাকীৰ পৰিয়ালো তাইৰ সৈতে হস্পিতাললৈ গৈছিল…..!!
ঘৰৰ কোনো আহি পোৱা নাছিল,খৰচ দিব কোনো নাছিল তেজৰ প্ৰয়োজন তাইক তেজ দিব মানুহ নাছিল কিন্তু হঠাৎ যেন সেই হস্পিতালতেই অহা এজন ব্যক্তি তাইৰ অৱস্হাটো চাই তেজ দিব সাজু হৈছিল আৰু সেই বয়সীয়াল মহিলা গৰাকীৰ পৰিয়ালে খৰচ দিব সাজু হৈছিল কিন্তু তেতিয়াও তাইৰ ঘৰৰ মানুহ আহি পোৱা নাছিল..!!চিকিৎসা আৰম্ভ হ’ল মানুহজনে তেজ দিলে লগতে কেইটামান পৰীক্ষা কৰিলে কিন্তু যেতিয়া অলপ পিছত মানুহজনক ডাক্টৰে ৰিপৰ্ট ল’ব মাতে তেতিয়া তেওঁৰ ডাক্টৰৰ কথা শুনি চকু কপালত উঠিছিল কাৰণ ডাক্টৰে কৈছিল “আপোনাৰ ছোৱালী আৰু আপোনাৰ তেজৰ গ্ৰুপ একেই সেয়ে আমাৰ সুবিধাই হ’ল”..!!মানুহজন বিপাঙত পৰিল তেওঁৰ ছোৱালী বুলি কিয় ক’লে ডাক্টৰে তেওঁৰটো কোনো ছোৱালীয়ে নাই..!!
তেনেতেই ঘৰৰ মানুহ আহি পালে তাইৰ…আহিয়েই যেন সকলো কিবা খেলি-মেলি। তাইৰ দেউতাকৰ সন্মূখত আছিল তেওঁৰ মাক তেওঁৰ পৰিয়ালৰ সকলো…আকৌ মাকৰো যেন অৱস্হা নোহোৱা হ’ল,তেওঁৰ আগত ২১ বছৰ আগৰ সেই ব্যক্তি জন আহি আজি উপস্হিত হৈছিল যিজন ব্যক্তিয়ে ২১বছৰ আগত তেওঁৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল আৰু তেওঁ বিবাহৰ পূৰ্বেই মাতৃ হৈছিল অাৰু তেওঁ গৰ্ভত আছিল প্লাৱিতা..কিন্তু সেই জন ব্যক্তিয়ে সেই পৰিস্হিতত মাকক এৰি গুছি গৈছিল.।

ভুল জানো অকল মাকৰ আছিল কিন্তু তেওঁ নুবুজিলে আৰু মাকক এৰি গ’ল..!!কিন্তু নিয়তিৰ বুজন আজি সকলোবোৰ একগোট কোনোবাই কাৰোবাৰ সন্তানক চিনি নাপাই,কোনোবাই কাৰোবাৰ সন্তানৰ মৰম বুজি নাপালে..কিন্তু ভগৱানে যেন সকলোকে আনি এটা স্হানত গোট কৰিলে..প্লাৱিতা সুস্হ হৈ উঠিছিল আৰু জীৱনত প্ৰথম বাৰৰ বাবে দেউতাৰ ঘৰৰ মানুহক দেখা পাইছিল আৰু এজন সময়ৰ সৈতে হাৰি যোৱা পিতৃৰ সৈতে পৰিচিত হৈছিল..!!তাই জানিব পাইছিল যে মাকক তেনেকুৱা অৱস্হাত সেই ব্যক্তিজনে এৰি যোৱা পিছত তেওঁৰ জীৱনলৈ আহিছিল প্ৰমোদ গোস্বামী আৰু তেওঁ সঁচা ভালপোৱাত প্ৰাধান্য দিছিল তেওঁ কোনো জাতিৰ বাধা নামানিলে না তেওঁ সন্তানৰ ভেদ ভাব কৰিলে..!!

সেই দিনা প্লাৱিতাই জীৱনৰ সকলো উত্তৰ বিচাৰি পাইছিল..সঁচা মৰম পাবলৈ তেজৰ সম্পৰ্ক থাকিব লগাটো প্ৰয়োজন নহ’য়…আজি ইমান বছৰে তাইক কেতিয়াও অনুভৱেই কৰিব দিয়া নহ’ল তাই যে গোস্বামী বংশৰ সন্তান নহ’য়,আনকি তাই সেই স্কুলত পঢ়ি থাকোতে মাকক শুধা এটি প্ৰশ্নই কিয় মাকৰ চকুত চকুপানী আনিছিল তাই সেইদিনা বুজি পাইছিল..তাইৰ লগত অন্যায় কৰা হ’ব বুলিয়েই ইমান বছৰ তাইৰ কোনো ভাই-ভনী নাছিল….!!

সেই দিনা সকলোৱে বুজি পাইছিল মাকৰ মৰমৰ সৈতে বেলেগৰ সন্তানক আকোৱালি লোৱা দেউতাকৰ মৰম যে নি:স্বাৰ্থ..!! প্ৰমোদ গোস্বামী আৰু সুবাসনা কলিতা গোস্বামীৰ ভালপোৱাই সকলোকে এক পাঠ পঢ়াইছিল যে “প্ৰেম যদি সঁচা হ’য় সেই প্ৰেমে কোনো বাধা নামানে আৰু সেই প্ৰেম অমৰ হ’য়..।”

✍🏻ডেইজী শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *