Axomiya Kobita স্বপ্নভংগ Liza Talukdar

Axomiya Kobita

স্বপ্নভংগ

আপুনি নুবুজাকৈয়ে
অনামী জখম বুকুত গুজি
তাই এতিয়া বিনিদ্ৰ নিশাৰ উদাসী ছায়া।

হৃদয় কেনভাচত তৃষাৰ বিননি,
নিদ্ৰাহীন নিশাত খহি পৰে লাজৰ ওৰণি।

প্ৰতিনিশাই তাই হেৰুৱায়…
স্বপ্নভংগ বিভ্ৰমিত সপোন
তথাপি যে নপৰে সুপ্ত ইতিহাসত
তন্দ্ৰাবিষ্ট জোনাকৰ চিক্‌মিক্‌নী।

-✍️লিজা তালুকদাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *