Axomiya Kobita শুভ্ৰ সেন্দুৰ Writter : Masum Borthakur

Axomiya Kobita

শুভ্ৰ সেন্দুৰ

ৰঙাতকৈ বগাৰ উজ্জ্বলতা বেছি
হয়তোবা প্ৰাপ্যত
অধিকাৰো।
ৰঙাই উপাধি সলাই
নিজক সজাই
সেন্দুৰীয়া আলিৰ মাজেৰে
আৰ্চী পোনাই ।
ৰঙাই সুখ ফহটিয়াই চাই,
বগাত দুখে ফৰ্মূটিয়াই।
কাল পৰিধিত
ৰঙচুৱাই মোট সলাই
শুভ্ৰতাৰ আঁৰ টানি
জড়তাই গ্ৰাসত পেলায়।

✍️মাচুম বৰঠাকুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *