Arrange Marriage pt – 3 New Assamese Love story এৰেঞ্জ মেৰেজ Assamese Love story

Axomiya Short Story

এৰেঞ্জ মেৰেজ

পৰীক্ষা এটা দিবলৈ যাবলগা হল যোৰহাটলে । চিনি জানি নাপাওঁ একো । পৰীক্ষা দি উভতিলো । বাটতে পালে জহনিত যোৱা বৰষুণজাকে । মানুহ এঘৰৰ পদূলিৰ নঙলা খুলি সোমায় গলো । চিপচিপিয়া বৰষুণত তিতি বুৰি মাত দিলো । মাত শুনি মানুহ এজনী আহিলে । ঘটনা শুনি চকী এখন দিলে । বহি আছিলো , এনেকুৱাতে চাদৰ মেখেলা ধৰি ধৰি তুমি তিতি বুৰি জুৰুলি জুপুৰি হৈ আহিছিলা চাইকেলখন ঠেলি ঠেলি স্কুলৰ পৰা । তেতিয়া তুমি চাদৰ চম্ভালিবলে শিকায়ে নাছিলা । তোমাৰ ভিজা দেহৰ আঁৰৰ লাজবোৰ দেখি সেইদিনা হয়তো এৰিথৈ আহিছিলো মোৰ হৃদয়খন তোমাৰ চোতালত ।তুমি মই বৰষুণ আৰু সেই অচিনাকী অনুভৱ । বৰ জীপাল আছিল সেই অনুভৱ ।
কিছুপৰ যোৱাৰ পাছত তোমাৰ আয়ে যাচিছিল একাপ ফিকা চাহ । গৰম চাহকাপ খায়ে বাট লৈছিলো মই । তোমাক সেইদিনায়ে যি দেখিলো । দিনবোৰ পাৰ হৈছে কিন্তু তোমালৈ সদায়ে মনত পৰা হল । মোৰ ঘৰ যিহেতু লক্ষীমপুৰত আছিল আৰু তোমাৰ যোৰহাটত ।লগ পাওঁ বুলিলেও লগ নাপাও । এতিয়া পাঁচ বছৰমানেই হল তোমাক লগ পোৱা ।
ঘৰত মোৰ বিয়াৰ যোগাৰ চলিছে । ছোৱালী বুলে যোৰহাটৰ । সম্পৰ্কীয় মোমাইদেৱ এজনে চাইছে । আই ,পিতাই ,মোমাইদেৱ , বৰদেউতাহঁত গৈ চাই আহিলেগৈ । ছোৱালী বোলে বি:এ: পাছ ।ঘৰখনো ভালেই । দেউতাক নাই । মই যিহেতু ঘৰখনৰ একান্ত বাধ্য আছিলো । না কৰিব নোৱাৰিলো । সেই ৫ বছৰৰ আগৰ তিতা কাপোৰৰ আঁৰৰ ছোৱালীজনীৰ কথা মনতে সামৰি থলো । মোমাইদেৱৰ ঘৰলে এদিন মাতিলে ভাত খোৱাকে ।বোলে ছোৱালীও আহিব । প্ৰথমবাৰ লগ পাম মানে ভাবি পত্নীক । গলো । মহোদয়া আগতীয়াকে হাজিৰ । ভাতকাহী আনি তায়েই দিলেহি মুখৰ আগত । ইফালে মোৰ লাজত মৰো মৰো অৱস্থা । কেৰাহীকৈ চালোঁ । ধুনীয়া মুখখন । সেই তিতিবুৰি অহা মোৰ সপোন ৰাণীজনীৰ দৰেই লাগি গল ।

বিয়াৰ দিন পালেহি । পিছে শহুৰৰ ঘৰ নেদেখিলোৱে । দৰা গৈ ৰভাতল পালোগে । শাহুআই আহি দৰা আদৰিবলৈ বিচনীৰ কোবটো মাৰোতে মনত পৰিল সেই ফিকা চাহপানীটোপাৰ কথা । অ এতিয়াহে বুজিলো , তিতিবুৰি অহা গোসানীজনীয়েই মোৰ হবলগা পত্নী । এইবাৰ মোক কোনে পায় । মনটো একেবাৰে নাচি উঠিল ।

বি:দ্ৰ: মনেসজা কাহিনী দেই ।copyed

Leave a Reply

Your email address will not be published. Required fields are marked *