Axomiya Kobita মায়াময় ৰোম Writter Masum Borthakur

Axomiya Kobita

মায়াময় ৰোম

ৰোম নগৰীৰ
কংক্রিটৰ মায়াজালৰ পৰা আৰম্ভ কৰি
সুউচ্চ বেশ্যাগৃহলৈ
পইচাৰ কিমান দাম?
ডলাৰৰ কিমান মান?
প্ৰাচ্য প্ৰাচ্যাত্যৰ মদিৰাৰ পৰা
হুইস্কি বিয়েৰৰ টোপোলাৰ ওজনত
ফিকা চাহ এপিয়লাৰ
হিচাপত কিমান দৰ?
কেতিয়াবা আহৰি পালে ভাবিবচোন
শকুনিৰ পাশা খেলৰ লগত
এতিয়াৰ জুৱা খেলখনৰ
সাদৃশ্য ক’ত….
বুজিছে !
দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ লগত
এতিয়াৰ ধৰ্ষণকাণ্ডৰ জড়তাত
অবকাশ নাই।
এইবোৰ ভাবিবলৈ আপোনাৰ বা মোৰ
সময়েই বা ক’ত ???….
সেয়েহে হয়তো কোনোবা খিনিত
আপুনিও ধৃতৰাষ্ট্ৰ
আৰু অইন কোনোবা খিনিত মই
সেই সময়
এই সময়।

মাচুম বৰঠাকুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *