Assamese Poem মোক এজন পিটাৰ লাগে Writter Masum Borthakur

Axomiya Kobita

মোক এজন পিটাৰ লাগে

কোৱেৰেনটিন ডায়েৰীৰ হালধীয়া পৃষ্ঠাবোৰক
নীলাৰ অকণ উম দিবলৈ
মোক এজন পিটাৰ লাগে।
অথবা, উজাগৰী নিশাৰ
অভিসাৰী সপোনত
মোৰ স’তে ঊণমালা গুঠিবলৈ।

দূৰ আকাশৰ পোৱালমণি
কেতিয়াবাই এঢলীয়া হ’ল
এতিয়া এন্ধাৰে আৱৰা দিনবোৰত
পোহৰ বুলি চিনাকি দিবলৈ
তেওঁ নাই,

গুপুত প্রেমৰ অযুত গাঁথাক
এগালমান মৰমেৰে নিচুকালে সুখীহলোঁহেতেন
কিম্বা হৃদয়ৰ ডৰিয়লিত
এজাৰ হৈ ফুলিলে ।

নীৰৱ নিশা
পাইন গছৰ আঁৰে আঁৰে
দূৰ সীমনাৰ
জোনাক চাবলৈ
মোক এজন পিটাৰ লাগে

✍️মাচুম বৰঠাকুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *