Assamese Poem হেঁপাহৰ চেনাই writter Masum Borthakur

Axomiya Kobita

হেঁপাহৰ চেনাই

দুহাতৰ তলুৱাত তপত বেলি আঁকি
ঢোলত চাপৰ মৰা তেঁওজনক
জপাত সাঁচি থোৱা গামোছাখন পিন্ধাবলৈ
মোৰ যে কিমান হেঁপাহ।

কঁকালত টঙালিৰ গাঁঠি মাৰি
সুহুৰিয়াই গৈ থকা তেঁওজনক
চুৰকৈ এবাৰ জুমি চোৱাৰ
মোৰ যে কিমান হেঁপাহ।

বেলি লহিওৱাৰ পৰত
একাঠুমান বোকা লেটিয়াই
কঠিয়া সিঁচি থকা তেঁওজনলৈ চাই
মিচিকীয়া এটি হাঁহি মৰাৰ
মোৰ যে কিমান হেঁপাহ।

শৰতৰ পূৰ্ণিমাত দিহিঙৰ পাৰত
জোন চাই নিশা কটোৱাতেঁওজনক
জোনাকী জনী হৈ এবাৰ সাৱতি লোৱাৰ মোৰ যে কিমান হেঁপাহ।


✍️মাচুম বৰঠাকুৰ

Leave a Reply

Your email address will not be published. Required fields are marked *