Assamese Love Story নিয়ৰৰ সেমেকা ৰাতি writter Satyajit Gogoi

Axomiya Story Nioyoror Khemeka Rati

নিয়ৰৰ সেমেকা ৰাতি

Part-2

সময়বোৰ নাজায়েই৷বেলি ডুবিব হোৱাই নাই৷সৰুৰে পৰা দেখি আহিছো,অলপো Improvement নাই বেলিটোৰ৷

তাই ৫ বজাত ফোন কৰিলে৷
হেল্লঃহেল্ল,বিনি নহয় জানো?
হয়!
কোৱা কি কৰি আছা?
ঘৰতে আছো,ইনেই৷তুমি কি কৰিছা?
মই তোমাৰ কথাকে ভাবি আছিলোঁ,কেতিয়া ফোন কৰিবা বুলি৷
অলপ সময় নিৰবতা৷আছলতে সুধিবলৈ বা কবলৈ বহুত কথাই আছে৷লাজ,ভয় নে শংকা কিবা এতাই আগুৰি ধৰিছে৷
কোৱা?নিৰবতা ভংগ কৰি তায়েই মাত লগালে৷
কি কম নো?
কিবা কবা বোলে,মোক অকনে কলে৷বাই নাই,মই মনে মনে বাথৰুমৰ ভিতৰত কথা পাতি আছো৷
ঃমই কৈ পথিওৱা কথাটো কি ভাবিলা কোৱা৷

ঃমইতো এতিয়া বহুত সৰু হৈ আছো,আৰু মই তোমাক চিনিও নাপাও৷মোৰ পঢ়া শুনা কি হব৷
ঃচোৱা মই তোমাক এতিয়াই বিয়া হবলৈ কোৱা নাই আৰু মই নিজেও নোৱাৰো৷কাৰন এতিয়া মোৰ কোনো ইনকাম নাই৷মা দেউতাই দিয়া টকা কেইটাৰে ছলি থাকো৷আৰু তোমাৰ পঢ়া শুনাৰ কথা৷তুমি যিমান মন যায় পঢ়া৷তোমাক এই ক্ষেত্ৰত মই সদাই ছাপৰ্ট কৰিম৷ইচ্ছা কৰিলে তুমি বিয়াৰ পাছতো পঢ়িবা৷
ঃকিন্ত মোৰ যদি ঘৰত গম পায় গালি দিব৷
ঃতুমি সেইবোৰ চিন্তা কৰিব নালাগে৷মই তোমাৰ বাইদেউৰ লগত কথা পাতিম৷
এতিয়া কোৱানা?মোক ভাল পাব পাৰিবা নাই৷
ঃৰবা মোক আজি দিনতো চিন্তা কৰিবলৈ দিয়া৷
ঃ তেনে তুমি কাইলৈ ফোন কৰিবা৷
ঃমই মিছড্ কল দিম,তুমি ফোন কৰিবা৷
ঠিক আছে,এতিয়া হব৷মানুহ আহিছে৷
ঃঠিক আছে,কাইলৈ সোনকালে ফোন কৰিবা৷
ঃবাই৷
কথাবোৰ এতিয়াও কানত বাজি আছে৷সচাকৈ কিমান যে ভাল লাগিছে৷পথম বাৰ কাৰোবাক এনেকৈ ভাল পাইছো৷
কাইলৈ তোৰ Proposal accept কৰাত 100% গেৰাণ্টী আছে৷লগৰতোৱে মাত লগালে৷
তই কেনেকৈ গম পালি৷
মই জানো ত!Experience নাথাকিলেও লোকৰ পৰাই শুনিছো৷

ই অমৰ৷মোৰ লগতেই থাকে৷হাইস্কুলৰ পৰা লগতেই পঢ়িছো৷কলেজ বেলেগ যদিও দুইটাৰ মন মিলা বাবে লগতেই থাকো৷তাৰ ঘৰৰ অৱস্থাও ইমান ভাল নহয়৷তেনেদৰেই দুইটাই মিলি থাকো৷

অই,আজি তই চাহ একাপ সিজা,খাব মন গৈছে৷মই কলো৷
চাহ তই খোৱাব লাগে নে মই৷তইহে পাৰতি দিব লাগে৷
ঃখোৱা না ৰে!মই তোক কাইলৈ কামতো হলে খোৱাম৷
ঠিক আছে ৰ,মই পাতি দিছো৷সি চাহকাপ stove ত পাতি দিলেগৈ৷
চাহ খাই অলপ আৰাম কৰিলো৷আজি আৰু কিতাপ পঢ়া নহব৷কবিতা এতা লিখো বুলি বহি ওলিয়াই ললো৷

তুমি আহিবা বুলি

মই
পদুলীত ৰৈ আছো,
ক্ষীণ নিশাৰ পোহৰত
শূন্যতাৰ বিশাল সাগৰ
তাৰ ঢৌৱে কোবাই যায়
সন্মুখ পট৷
এজাক জোনাকীৰ গীতেৰে
মুখৰিত হব
নিসংগ মোৰ হৃদয়৷

মহাকবি গ্যেটে এষাৰ কথা কৈছিল-ঃসদায় পুৱা শুই উঠিয়েই এটা ভাল কবিতা পঢ়িবা,এটা ভাল গান শুনিবা,এখন ভাল ছবি চাবা৷’মই তিনি নম্বৰৰ বাদে,দুইটা কামেই কৰো৷কবিতা লিখা আৰু পঢ়া দুইটাই মোৰ পিয়৷কবিতা মোৰ জীৱনৰ আত্মাৰ আহাৰ৷কিন্ত মোা লগৰ কোনেও কবিতা নপঢ়ে বা পয়োজন অনুভৱ নকৰে৷গান শুনিও ভাল পাওঁ৷কিন্ত সকলো সময়তে বেয়া পাও৷কাৰণ মই নিসংগতা পিয়৷-মোৰ ৰুচি ভাল বুলি মই নকও৷সকলো মানুহৰে ৰুচি বেলেগ বেলেগ৷মোৰ ৰুচি আনতকৈ ভাল এই কথা মই কব নোৱাৰো৷মই ভাবো জীৱনৰ উপহাৰ বিচিত্ৰ,ঐশ্বৰ্য অন্তহীন৷সেইদৰে মানুহৰ মন আৰু হৃদয়ৰো পয়োজন বেলেগ বেলেগ৷যি মানুহে যি বিচাৰে তাকেই পায়৷Alexis Kerel এ কৈছে-‘ জীৱনৰ মহাসমূদ্ৰৰ বিশাল উপকূলত অসংখ্য বিচিত্ৰ বস্তু পৰি আছে৷তাত যি মানুহে যি বিচাৰে তাকেই পায়৷Saint Franchise ob Asisi এ তাত পাইছিল ঈশ্বৰৰ কৰুনা,Ainstain এ পাইছিল আপেক্ষিকতাবাদৰ তত্ত্ব৷কোনোবাই পায় গণিকাক,আন কোনোবাই পায় পেমিকাক’৷

কাইলৈ মোৰ বাবে এটি নতুন দিনে আপেক্ষা কৰি আছে৷ৰাতি ন বজাতে ভাত খাই শুই থাকিলো৷লগৰটোৱে অলপ কিতাপ পঢ়িলে৷আজিতো আৰু সপোনৰ সাগৰত ডুব যাম৷কতা ৰাতিয়েই কেতিয়া টোপনিৰ মায়াজালত বন্দী সলো গমেই নাপালোঁ৷

আগলৈ…….

Leave a Reply

Your email address will not be published. Required fields are marked *