Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 10

A Match made in PKC Axomiya Story

A Match Made in PKC

দশম আৰু অন্তিম খণ্ড :—

“তোমাৰ চকলেট টো..”(তাৰ কথা সম্পূৰ্ণ নহঁওতেই মই হাত খন মেলি দিছিলো আৰু সি কৈছিল)—-“পাহৰিলো হা আনিব..!!”__সি সঁচাই পাহৰিছিল আনিব কিন্তু সি কৈছিল ব’লা তুমি মোৰ লগত বাহিৰলৈ মই তোমাক কিনি দিম,মই খঙতে নগ’লো আৰু তাক কাইলৈ লৈ আহিব কৈছিলো। সি আনিম বুলি কৈছিল আৰু সেইদিনা অকল কথা পাতিছিল মোৰ লগত। ___পিছদিনা কিন্তু সি আকৌ আহিছিল মোক দেখিয়েই মোৰ ওচৰত মই ভাবিছিলো ইয়াক আশা কৰি লাভ নাই কিন্তু সম্পূৰ্ণ সঁচা আছিল মোৰ ধাৰণা সি সেইদিনাও পাহৰিছিল । মই খঙত আৰু নালাগেই বুলি কৈছিলো তাক । সি গম পাইছিল মোৰ খং উঠা বুলি কিন্তু তাৰ পিছতো সি মোৰ ওচৰত ঠিয় হৈ আছিল আৰু হঠাৎ কথা পাতি পাতি মোক জোকাব আৰম্ভ কৰিছিল (ৰাকু দাৰ wife বুলি)..!!__এনেয়ে চকলেট নিদিয়া খং তাতে সি মোক জোকাব আহিছিল । ৰ’ব নোৱাৰি ময়ো মোৰ হাতত থকা পানী বটলটোৰ পানীখিনি তাৰ গাতে ঢালি দিছিলো ।বেচেৰাই চুপ-চাপ সহ্য কৰি লৈছিল কিন্তু তাৰ পিছত মোৰ বেয়াও লাগিছিল অলপ আৰু মই ঘৰত যায় তাক মেচেজ কৰিছিলো—-“আজিৰ কাৰণে বেয়া নাপাবা,মই খঙতে দিছিলো..!”(সি হাঁহি নাপাও বুলি কৈছিল বেয়া আৰু সেই দিনাৰ পৰা মই তাক পচন্দ কৰিব লৈছিলো আৰু হ’য়তো সিও কিন্তু কোনেও ব্যক্ত কৰা নাছিলো)__পিচদিনা কলেজত আমি কেইজনী মান ছোৱালী ক্ৰিকেট খেল চাব যাব ওলাইছিলো আৰু সিঁহতো আছিল। হঠাৎ বা এজনীয়ে মোক কৈছিল—-“ডিম্পী,তুমি তাৰ লগত বাইকত বহা..”__মই বা জনীক টানি নিছিলো কাষলৈ আৰু কৈছিলো নব’হো মই তাৰ লগত আৰু তাইক যাব দিছিলো তাৰ লগত,সি গম পাইছিল মই খঙতে তেনেকুৱা কৰা বুলি। সি পিছদিনা আকৌ মোৰ ওচৰত আহিছিল—-“তোমাক চকলেট লাগে ন’হ..?এইটো লোৱা..!!”__মই আচৰিত হৈছিলো সেই দিনা সি মই নোসোধাকৈ আহি চকলেটটো দিছিল আৰু ময়ো লৈছিলো তাৰ পিছত সি তাৰ পৰা গুচি গৈছিল কিন্তু মোৰ লগত আছিল হিমা—–“দে না খোল চকলেটটো..”–“নাই নোখোলো..”–“কিয়..?”–“এনেই মই ঘৰত খাম..”___তাই নুবুজে মই নেৰো,উপায় নাপায় মই বেলেগ এটা চকলেট তাইক কিনি দিছিলো তথাপিও সেইটো নিদিলো আৰু মই ঘৰতো নাখালো চকলেট টো ৰাখি থৈ দিলো নিজৰ লগত..!!আৰু সেইদিনা ৰাতি মোক সি এটা কথা কৈছিল যে মই তাৰ ক্ৰাচ আৰু সিঁও গম পাইছিল সি যে মোৰো ক্ৰাচ আছিল..!!বহুত লাহে লাহে আৰম্ভ হ’ব লৈছিল আমাৰ মাজৰ ভালপোৱাৰ সম্পৰ্ক।সময় লৈছিল অলপ কিন্তু মোৰ জীৱনৰ সঁচা ভালপোৱা আহিছিল আৰু ২০২০চন আৰু পিকেচিয়ে দিছিল মোক এই উপহাৰ তাৰ পিছতেই সি মোক ভালপোৱাৰ প্ৰস্তাৱ দিছিল আৰু মই লগ লগ গ্ৰহণো কৰিছিলো কাৰণ এনেও আমি জানিছিলোৱে দুয়োৰে মনৰ কথা। যোৱা ৭মাহ কথা বতৰাৰ পিছত আমাৰ মাজত আৰম্ভ হৈছিল ভালপোৱা আৰু সেই দিনা ৰাতিহে মই ৩মাহ আগত সি দিয়া চকলেট টো খাইছিলো আৰু হাঁহি উঠিছিল মোৰ এটা কথা মনত পৰি যে মই বোলে ৰাকু দাৰ Wife..!!___সেইদিনা মই বুজি পাইছিলো কেইটা মান কথা যে—“তোমাৰ জীৱনৰ প্ৰথম প্ৰেম সফল নহ’বও পাৰে কিন্তু উপযুক্ত জন সময়তেই আহিব তোমাৰ জীৱনত””তুমি বেয়া পোৱা প্ৰতিজন ব্যক্তিৰেই এক ভালপাব পৰা গুণ থাকেই””মানুহক বুজিলেহে সমাধান পাব পাৰি””মানুহক ঘৃণা কৰি কেৱল ঘৃণাহে পাই””ভালপাব জানিলেহে উপযুক্ত জন বিচাৰি পাই”।। আৰু মই পাইছিলো…

!!!*HAPPY ENDING OF A Match Made in PKC*

Leave a Reply

Your email address will not be published. Required fields are marked *