Axomiya Article নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক Writter Kishor Deka

Axomiya Article

নিজৰ ভৱিষ্যতৰ বাবে অলপ ভয় খাওক

যদিহে অহা বছৰটোৰ আজিৰ দিনটো কেনেকুৱা হব সেয়া চাবলৈ বিচাৰে তেন্তে আজি অলপ ভয় খাওক ,পিছে আতংকিত নহব । কাৰণ আমি ভাৰতীয়সকলে যেতিয়ালৈকে ভয় নাখাওঁ তেতিয়ালৈকে সচেতন নহওঁ । ৰাজ্যখনৰ সকলো স্তৰৰ মানুহেই আজিৰ তাৰিখত ভয় খোৱাটো প্ৰয়োজন। বামপন্থী ,সোঁপন্থী , কা-বিৰোধী , সৰ্মথনকাৰী , হিন্দু-মুছলমান সকলোৱে ভয় খাওক। কাৰণ কৰোণা আহি আমাৰ দুৱাৰমুখত। দেশৰ হিচাবত আমি আজিৰ তাৰিখত ষ্টেজ ওৱানত আছো আৰু ৰাজ্যৰ হিচাবত আমি আজিলৈকে সুৰক্ষিত। এনেকুৱা এক সুৰক্ষিত পৰিস্থিতি আজিৰ পৰা এমাহৰ আগলৈকে ইটালীতো আছিল। সেয়া আছিল ষ্টেজ-1ৰ পৰিস্থিতি । আজি কৰণাত আক্ৰান্ত ইটালীৰ সৰহভাগ নাগৰিকে সেইসময়ত আমি আজি ভাবি থকাৰ দৰেই ভাবিছিল যে এয়া অলপ মাত্ৰ বেলেগ ধৰণৰ বেয়া জ্বৰ , পিছে আমাৰতো বয়স কম হৈ আছে , এইটো বেমাৰত বুঢ়া আৰু বেমাৰীবোৰহে মৰে গতিকে আমাৰ একো নহয়। সকলোৱে এনেই অলপ বেছি বেছি দেখাই আছে সেয়ে তেওঁলোকে দৈনন্দিন কাম-কাজবোৰ চলাই থাকিল।
লাহে লাহে আক্ৰান্তৰ সংখ্যা বাঢ়ি আহিল। ইটালী ষ্টেজ টুত সোমাল । চৰকাৰে ইতিমধ্যে দুখনমান চহৰক “ ৰেড জ’ন” ঘোষণা কৰিলে। তাৰিখ 22 ফেব্ৰুৱাৰী , ইতিমধ্যে যথেষ্ঠ সংখ্যক মানুহক কৰণাই আগুৰি ধৰিছে, পিছে যিসকল আক্ৰান্ত নহ’ল তেওঁলোকে কোনো চিন্তা আৰু ভয়ৰ কাৰণ নাই বুলি বিশেষ গুৰুত্ব নিদিলে। যিসকল মৰিছে সেইবোৰ সৰহভাগেই বুঢ়া মানুহহে আৰু তাকে লৈ মিডিয়াই মিছাতে হুলস্থুল লগাইছে বুলি সকলোৱে ভাবি ললে। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বাঢ়ি ইটালী ইতিমধ্যে ষ্টেজ থ্ৰীত সোমাইছিলগৈ। চৰকাৰে ৰেড জনৰ সীমা বঢ়াই দিলে। মানুহবোৰে লাহে লাহে নিজকে গৃহ-আৱদ্ধ কৰিবলৈ ললে । বিদ্যালয় , কলেজ, বিশ্ববিদ্যালয় বন্ধ হল যদিও হোটেল , ৰেষ্টুৰা , বাৰ , কাৰ্য্যালয় খোলা থাকিল। এই ষ্টেজ থ্ৰীৰ সময়খিনিতেই চৰকাৰী বাধা স্বত্বেও উক্ত ৰেড জনৰ পৰা প্ৰায় দহ হেজাৰ মানুহ ইটালীৰ বিভিন্ন ঠাইলৈ পলায়ন কৰে। ষ্টেজ থ্ৰী সময়খিনিত ইটালীৰ প্ৰায় 75% মানুহে স্বাভাবিক জীৱন যাপন কৰি আছিল। কৰণা আক্ৰান্ত ইটালীয়ে ইতিমধ্যে ষ্টেজ 4ত সোমাইছিল। চৰকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য জৰুৰীৱস্থা ঘোষণা কৰিলে। ৰোগীৰে হস্পিটেল ভৰি পৰিল , চিকিত্সা কৰিবলৈ ডাক্তৰ নাৰ্চৰ ইমানেই অভাৱ ঘটিল যে চৰকাৰে অৱসৰপ্ৰাপ্ত ডাক্তৰ আৰু শিক্ষা গ্ৰহণ কৰি থকা চিকিত্সক ছাত্ৰসকলকো কামত লগাবলৈ বাধ্য হ’ল। কৰণা আক্ৰান্তসকলৰ চিকিত্সা কৰাৰ বাবে বাকী ৰোগত ভোগী থকাসকল লাহে লাহে চিকিত্সাৰ পৰা বঞ্চিত হবলৈ ধৰিলে। ইয়াৰ পাছত ইটালী ষ্টেজ 5ত সোমাল , কাৰণ ষ্টেজ 3ৰ সময়ত ইটালীৰ বিভিন্ন প্ৰান্তলৈ পলায়ন কৰা সেই দহ হাজাৰ মানুহৰ মাজত কিমান কৰোনা ভাইৰাছত আক্ৰান্ত মানুহ আছিল তাৰ তথ্য কাৰো ওচৰত নাই।

ইটালীৰ এই পৰিস্থিতি যোৱা 12 মাৰ্চলৈকে। আমাৰেই সৌভাগ্য যে আমি ইটালীতকৈ এমাহমান পিছ পৰি আছো। এই এমাহেই আমাৰ বাবে এতিয়া একমাত্ৰ সম্পদ। চৰকাৰে ঘোষণা কৰক নকৰক , নিজকে লাহে লাহে স্ব-গৃহবন্দী কৰিবলৈ আৰম্ভ কৰক । চৰকাৰে ঘোষণা কৰা স্বাস্থ্য সৰ্ম্পকীয় নিতী-নিৰ্দেশনাবোৰ কঠোৰভাবে মানি চলক। অতি বেছি প্ৰয়োজন নহ’লে বেলেগ চহৰ বা গাওঁলৈ নাযাব। বিয়া, সবাহ আদিলৈ নাযাব। কোনোবাই বেয়া পালেও নাযাব ,কাৰণ কোনোবাই বেয়া পোৱাতকৈ আপোনাৰ জীৱনটো বহু-মুলীয়া। অদৰকাৰত তিনিআলি-চাৰিআলিত আড্ডা মৰাটো বন্ধ কৰক। অহা ত্ৰিশদিন এনেই আলহী খাবলৈ যোৱাটো বন্ধ কৰক। এইবোৰ কৰিলে কোনোবাই যদি আপোনাক উপলুঙা কৰে কৰিবলৈ দিয়ক , কাৰণ উপলুঙা কৰাজনক আপুনি আৰু অহা ত্ৰিশদিনৰ পাছত নেদেখিবও পাৰে।

বহুতে কৰণা ভাইৰাছত আক্ৰান্তৰ মৃত্যুৰ পৰিসংখ্যা কম হোৱা কাৰণে কৰণাক এতিয়াও গুৰুত্ব দিয়া নাই। পিছে এবাৰ ভাৱকচোন আপোনাৰ ঘৰখনত সাধাৰণ ভাইৰেল ফিভাৰ এজন বা দুজনতকৈ বেছি মানুহৰ একেলগে হলেই ঘৰখনৰ পৰিস্থিতি কেনে হয় ! কৰোনাত মৃত্যুৰ সংখ্যা কম , কিন্ত ই অতি দ্ৰুতগতি সোঁচৰি পৰে আৰু ইয়াৰ আটাইতকৈ বিপদজনক দিশটো সেইটোৱেই ।

সেয়ে , সকলোলৈ আহ্বান , এই কেইদিন সমাজবাদ , পুঁজিবাদ বন্ধ কৰি কেৱল কৰোণাক কেনেকৈ বাধা দিব পাৰি সকলোৱে ইয়াৰ বাবে নিজা নিজা স্তৰত পদক্ষেপ লওক। কেৱল আমিয়েই নহয় ,আমাৰ আগৰ প্ৰায় তিনি-চাৰিটা প্ৰজন্মই মহামাৰীৰ সংহাৰী ৰূপ দেখা নাই আৰু সেইবাবেই আমি কৰোণা মহামাৰীৰ সম্ভাব্য সংহাৰী ৰূপটোক এতিয়াও কল্পনা কৰিব পৰা নাই।

চৰকাৰলৈ আহ্বান , অতি সোনকালে খাদ্য-বস্ত আৰু দৰৱৰ বাদে আন , আন দ্ৰব্যৰ বজাৰবোৰ কেৱল নিৰ্দিষ্ট সময়ৰ বাবেহে খুলিবলৈ অনুমতি দিয়ক , দামী দামী ৰেষ্টুৰা , বাৰ বন্ধ কৰি দিয়ক। ৰেলৰ যাতায়ত যথা-সম্ভৱ বন্ধ কৰক। শিক্ষকসকলক কৰোণাৰ বিৰুদ্ধে সজাগতা সভা পাতিবলৈ দিয়া হঠকাৰী সিদ্ধান্ত উঠাই লওঁক। অন্তত: এসপ্তাহৰ বাবে সকলো চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়ক। প্ৰয়োজনত বিত্তীয়বৰ্ষৰ সমাপ্তি কালো বৰ্ধিত কৰক । এনেও অৰ্থনীতি বিধ্বস্ত হলেই ,এতিয়া জীৱনকেইটা যেনেতেনে বাচিলেই হ’ল।

✍🏻 কিশোৰ ডেকা

Leave a Reply

Your email address will not be published. Required fields are marked *