Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 9

A Match made in PKC Axomiya Story

A Match Made in PKC

নৱম খণ্ড :-

–“মোক কিজানি তুমি সেই কাজিয়া খন হোৱা দিনৰ পৰা বেয়া পোৱা হৈ গৈছা..?”
–“নাই বেয়া পাইছিলো তোমাক মই কিন্তু সময়ৰ লগে লগে পাহৰিছো সেইবোৰ,এতিয়া বেয়া নাপাওঁটো..!!”
–“মই কলেজত মাতিব বিচাৰো কিন্তু মাতিবই পৰা নাই তোমাক..”
–“গম পাওঁ..!!”

__তাৰ পিছত আমি লাহে লাহে কথা পাতিব আৰম্ভ কৰিছিলো,লাহে লাহে ব্যক্তিগত জীৱন সম্পৰ্কে ক’ব লৈছিলো কিন্তু তেতিয়াও আমি ফেচবুকতেই কথা হৈছিলো….!!হঠাৎ এদিন সি মোক নম্বৰ শুধিছিল ফেচবুকত কিন্তু মই নিদিলো সেই দিনা আৰু সিঁও দ্বিতীয় বাৰৰ বাবে প্ৰশ্ন নকৰিলে মোক কিয় নিদিলা বুলি..।
মোৰ মনত সেই দিনা সেইটো কথাই চুই গৈছিল আৰু লাহে লাহে মই তাক বুজিব লৈছিলো কাৰণ মোক দেউতাই কোৱা কথাটো এতিয়াও মনত আছে যাক তুমি বেয়া পোৱা তাক বুজিব চেষ্টা কৰা,ভাল লগা কিবা পইন্ট আছেনে চোৱা আৰু মই তাক বুজিব লৈ বিচাৰি পাইছিলো তাৰ ভাল লগা বোৰ…!!

__লাহে লাহে দূৰ্গা পূজা আহি ওচৰ পাইছিল আমাৰ মাজতো কিন্তু কথা-বতৰা বন্ধ হোৱা নাছিল। ফেচবুকত হ’লেও আমি সদায় কথা পাতিছিলো আৰু সেইদিনা আছিল অষ্টমী পূজা সি ৰাতিপূৱাই মোক মেচেজ দিছিলে ময়ো তাক ৰিপ্লাই কৰিছিলো–

–“Hey, Good Morning..!!”
–“Morning,ৰাতিপুৱাই Hii,Hello..?”
–ওহ তোমাৰ টোপনি ভাঙিবলৈ..”

__মই হাঁহিছিলো তাৰ কথাত কাৰণ কিছুমান কথাত সি নিজেই নিজকে ব্লেম কৰে‌।লাহে লাহে কথা পাতি সেইদিনা মই নিজেই তাক মোৰ নম্বৰটো দিছিলো–

–“তুমি সেইদিনা মোৰ নম্বৰটো বিচাৰিছিলা নহ..!!আজি লোৱা মানে তেতিয়া‌ মই সম্পূৰ্ণভাৱে তোমাক বুজা নাছিলো কাৰণে দিয়া নাছিলো আৰু এতিয়া ভাল চিনাকীৰ দৰেই তুমি So নম্বৰটো দিছো…!!

__এনেকৈ সি মোক সেইদিনাৰ পৰা হোৱাটচএপত মেচেজ কৰিছিল। কিন্তু কেইদিন মান যোৱা পিছত সি হঠাৎ এদিন মোক শুধিছিল–
–“তোমাৰ এইটো নম্বৰত ফোন লাগেনে আৰু মই ফোন কৰিব পাৰিমনে..??”

(মই আচৰিত হৈছিলো কিন্তু এটা কথা মোৰ ভাল লাগিছিল যে প্ৰতিটো কথাত সি মোৰ অনুমতি লৈছিল আৰু মই মানা কৰিলে সি সেইটো কাম কৰা নাছিল..)

–“ফোন লাগে বাৰু কিন্তু কিয় কিবা কথা আছিল..?”
–“নাই নহ’য় এনেই কৰিব বিচাৰিছিলো,তোমাৰ যদি প্ৰবলেম হ’য় মই নকৰো..!!”

__সি নকৰিলে ফোন কাৰণ মই হ’ব বুলি কোৱা নাছিলো আৰু সেই দিনাই মই বাস্তৱ জীৱনত প্ৰমাণ পাইছিলো “আমি যাক যিমানেই বেয়া নাপাওঁ তেওঁক বুজিব ল’লে ভাল লগা বহুত কাৰণ আহি পৰে..!!” তাৰ ভাল লগা কাৰণবোৰ মই বিচাৰি পাইছিলো যেতিয়া তাক মই বুজিব লৈছিলো আৰু এনেকৈয়ে সি মোৰ মনত এটা বিশেষ স্হান লৈছিল আৰু এদিন আকৌ শুধিছিল মোক—

–“শুনাচোন,বেয়া নোপোৱা যদি ফোন কৰো..?”
(মই ওহ বুলি কৈছিলো আৰু সি অলপো সময় নষ্ট নকৰাকৈ মোক ফোন কৰিছিল)–

–“Hello,ডিম্পী হ’য় নে..??”
–“নহ’য় ডিম্পী..!!”

__মই ধেমালী কৰি তাক নহ’য় কৈছিলো আৰু সি হাঁহিছিল এনেকৈ আৰম্ভ হৈছিল আমাৰ কথা বোৰ আৰু আমি লাহে লাহে বেছি ক্ল’জ হৈ আহিছিলো।পাহৰি গৈছিলো আমাৰ শত্ৰুতাৰ কথা কাৰণ মই তাৰ ভাল গুণবোৰ আয়ত্ব কৰিব পাৰিছিলো আৰু হ’য়তো সিও আয়ত্ব কৰিব পাৰিছিল মোৰ ভাল গুণবোৰ। সি মোৰ ফ্ৰেণ্ড নাছিল কোনোবাই যদি শুধে মই তাক ফ্ৰেণ্ড বুলিও কব পৰা নাছিলো আৰু লাহে লাহে আমাৰ মাজত বাঢ়ি‌ অহা সম্পৰ্কই আমাক দুয়োকেই পাজোৰ লগালে আঁচলতে আমাৰ মাজৰ সম্পৰ্কটো কি..?

__এদিন মেচেজৰ মাজতে মই তাক খং কৰিছিলো কিবা কথাত আৰু সি মোক চ’ৰী কৈছিল আৰু মই তাক কৈছিলো—

–“মোক চ’ৰী নালাগে..!”
–“কি লাগে তোমাক.?”
–“এটা চকলেট”

সি হাঁহিছিল আৰু কৈছিল সোমবাৰে কলেজত দিম তোমাক ।মই হ’ব বুলি কৈছিলো..।। সেই দিনা আছিল সোমবাৰ,কলেজত মোক দেখিয়েই সি মোৰ ওচৰত আহিছিল আৰু মোক লগ পাই সি ধুনীয়াকৈ এটা হাঁহি মাৰি কৈছিল—

আগলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *