Assamese Love Story: A Match Made in PKC Writter:Daisy Sarma part 8

A Match made in PKC Axomiya Story

A Match Made in PKC

অষ্টম খণ্ড :-

___Seen___—

কিন্তু মই ৰিপ্লাই নকৰিলো,তাতেই চাই থৈ দিলো মেচেজটো মানে মোৰ ইচ্ছা নহ’ল কথা পাতিব। জুন মাহ আমাৰ ৩য় ষান্মাষিকৰ ক্লাচ সমূহ আৰম্ভ হৈছিল । এদিন হঠাৎ আকৌ মেচেজ আহিছিল মোৰ তাত মোৰ ফেচবুক ষ্ট’ৰি ৰিপ্লাই সেইদিনা মই ৰিপ্লাই কৰিছিলো এটা ইম’জি দিছিলো মাত্ৰ তাৰ পিছত আৰু আমাৰ কথা হোৱা নাছিল কাৰণ ৰিপ্লাই কৰাজন আছিল বেলেগ কলেজৰ সেইকাৰণে মই বেছি ৰিপ্লাই নিদিলো সিঁও হ’য়টো ৰিপ্লাই নিদিলে..।।কিন্তু তাৰ পিছৰ পৰ্যায়ত এনেকুৱা কিছুমান কথা হৈছিল মই বিশ্বাস কৰা নাছিলো আচলতে ভাগ্যই বিচাৰে কি..?___দুমাহৰ পিছত আকৌ হঠাৎ এদিন সি মোক মেচেজ দিছিল এটা যিটো‌ মেচেজ দেখি মই সম্পূৰ্ণৰূপে আচৰিত হৈছিলো—–“তোমাক কলেজত দেখা পাওঁ মাজে-মাজে..”–“কি মোক..?তুমি পিকেচিত পঢ়া..?”..(মই ৰিপ্লাই কৰিছিলো)।–“অহ,পিকেচিত..!!”–“কোন দিপাৰ্টমেন্ট..?”___তেনেকৈ মই কেৱল তাৰ নাম,সি যে হঠাৎ‌ এতিয়া পিকেচিত আৰু দিপাৰ্টমেন্টহে গম পাইছিলো। না মই তাক চিনি পাইছিলো না মই কলেজত দেখিছিলো আৰু সেইদিনাৰ পৰা আমাৰ কোনো কথাও হোৱা নাছিল কিন্তু মই এইখিনি কথা হিমাৰ আগত কৈছিলো—–“অই হিমা,শুনচোন…!!”–“উম ক'”–“এইজন ল’ৰা পিকেচিত পঢ়ে তই চিনি পাৱ’ নেকি বাৰু..?”–“নাপাও দেখোন,কিয় শুধিলি..?কিবা প্ৰবলেম কৰিছে নেকি তোক..?”–“নাই নাই সেইবোৰ একো নহ’য়”–“তেনেহ’লে..?”–“নাই দে একো নহ’য় এনেই শুধিছো তোক চিনি পাবও পাৰ’ মানে মেচেজ কৰিছিল মোক..!!”–“ৱাহ..!!ডিম্পী তই কেতিয়াৰ পৰা এনেকৈ কোনবাই মেচেজ কৰিলে গুৰুত্ব দিয়া হ’লি..?”–“নহ’য় দে এনেই আৰু শুধিৱও নোৱাৰি নেকি..!”–“পাৰি দে ও আই..।”___মই নাজানো মই কিয় শুধিছিলো তাইক কিয় ইমান গুৰুত্ব দিছিলো,বহুতেই মেচেজ কৰে ফেচবুকত কিন্তু সেই চাৰিটা মেচেজক কিয় ইমান বেছি গুৰুত্ব দিছিলো মই নিজেই নাজানো…!!আৰু বিশেষকৈ সি যেতিয়া কৈছিল “তোমাক কলেজত দেখা পাওঁ মাজে-মাজে” মানে মইহে দেখা নাই তাক কিজানি সি মোক দেখিছে..!!কিন্তু এমাহ আগত বেলেগ এখন কলেজত থকা ল’ৰাজন আজি হঠাৎ পিকেচিত..!!__সেইদিনা কলেজ গৈয়েই মোৰ মুখামুখি তাৰ লগত হোৱা নাছিল কিন্তু বেলেগ এজন ল’ৰাৰ নাম শুনি আছিলো আৰু সেইটোক মই বেছিি গুৰুত্ব দিছিলো । কলেজত নাজানো কিয় মই ভাবি আছিলো কোন আকৌ নতুন ল’ৰা আহিল যাৰ নাম শুনি আছো মই। সেইজন কিন্তু মানুহ জন আছে ক’ত নাজানো নামহে শুনি থাকো তাৰ কিন্তু সি আছে ক’ত মানুহটো “চকুৱে তাকহে বিচাৰে”..??___কিন্তু সেই চেপ্তেম্বৰ মাহতে আকৌ হঠাৎ এদিন এখন কাজিয়া কলেজত আমিও আছিলো তাত তেতিয়াই মোৰ মুখামুখি সেইজন ল’ৰাৰ লগত হৈছিল যাৰ নাম মই ইমান দিনে শুনি আছিলো আৰু তাক দেখি মই সম্পূৰ্ণভাৱে আচৰিত হৈছিলো—–“অই হিয়া এইজন দেখোন সেইজনেই ল’ৰা…!!”হিয়া :”সেইজন মানে..কোনজন..?”–“এইজন ল’ৰাই সেইজন যাৰ কথা মই হিমাৰ আগত কৈছিলো,আৰু যাৰ নাম ইমান দিন শুনি আছিলো কলেজত এইজনে মোক মেচেজ কৰাজন..!!”__পাজোৰ লাগিছিল মোৰ মনত হৈছে কি..??মোৰ মনত মোৰ মূৰৰ হাজাৰটা প্ৰশ্নৰ উত্তৰ মই পাইছিলো সেইদিনা মুখামুখি হোৱা পিছত..!!মোক মেচেজ কৰাজন মোক দেখা বুলি কোৱা জন আৰু যাৰ নাম মই শুনি আছিলো নামটো যে একেই মই সেইদিনাহে বুজিছিলো কিন্তু মই সঁচাই ধৰিব পৰা নাছিলো কি বিচাৰিছিল ভগৱানে..??যাৰ মেচেজক মই গুৰুত্ব দিছিলো তাৰ লগত দেখোন কাজিয়া আমাৰ মাজত কেৱল শত্ৰুতা আৰু ঘৃণা ।লাহে লাহে বাঢ়ি গৈছিল আমাৰ মাজৰ কাজিয়া আৰু শত্ৰুতা…।। কিয় নাজানো বিচৰাৰ বিপৰীতে হ’ব লৈছিল সকলো,লাহে লাহে সেইজন ল’ৰাক চাবও‌ ইচ্ছা নোহোৱা কৰি দিছিল কিছুমান পৰিস্হিতিয়ে কলেজৰ আৰু নাম পৰ্যন্ত শুনিব খং কৰিছিলো মই ।লাহে লাহে অৱস্হাবোৰ শান্ত হ’ল এমাহ পিছত। দূৰ্গা পূজাৰ সময় আকৌ তেতিয়া আগৰ দৰে হ’ব লৈছিল সকলো তেতিয়া হঠাৎ আকৌ এদিন মোৰ তাত মেচেজ আহিছিল—___আগলৈ___

Leave a Reply

Your email address will not be published. Required fields are marked *