Assamese Love Story A Match Made in PKC Writter Daisy Sarma part 6

A Match made in PKC Axomiya Story

A Match Made in PKC

ষষ্ঠ খণ্ড:-

_মোৰ বিশ্বাস হোৱা নাছিল…
——এনেকুৱা হৈছিল যে তেওঁক মই শুধিম আৰু তেওঁ ক’ব সকলো মিছা…কিন্তু মোৰ চকুই দেখা মিছা কেনেকৈ হ’ব..?তেওঁটো ফেচবুক সদায় চলাই আছে তেনেহ’লে কি এইবোৰ..?৩বছৰৰ পৰা দিয়া আছে In a relationship বুলি..!!
— মই তেওঁক শুধিম…নোৱাৰো নিজেই সিদ্ধান্ত লব তেওঁ মোক বুজায় কব আচলতে সঁচা কি??কিন্তু মোৰ তেওঁক এবাৰ ফোন কৰি শুধিব সাহস হোৱা নাছিল তেতিয়াই মোক ৩জনীয়েই কনফাৰেন্চ কল কৰি বুজাইছিল—

নিশা : “তই যদি সঁচা কি জানিব বিচাৰ’ তই তাক শুধিবই লাগিব..!!”
হিয়া : “অহ..ডিম্পী কেৱল সি জানে ইয়াৰ আঁৰৰ ৰহস্য কি..তই ফোন কৰ এবাৰ..!!”
মুন্মী : ঠিকেই কৈছে ইহতে ফোন কৰিবি এবাৰ তই যেনেকৈ নহওক ।”
—“ওহ হ’ব দে মই এবাৰ চেষ্টা কৰিম..”

__সিঁহতৰ লগত কথা পাতি মোৰ অলপ সাহস আহিছিল কিন্তু যদি তেওঁ সঁচা বুলি কয় তেতিয়া কি হ’ব মোৰ..?মই কেনেকৈ সহ্য কৰিম..??কিন্তু মই ক্লিয়াৰ হ’ব লাগিব..আৰু গধুলি মই তেওঁক এবাৰ ফোন কৰিছিলো বহুত সাহসত–

–“Hello..”
–“অহ ডিম্পী কোৱা..!!”
–“আপোনাৰ লগত এটা কথা আছিল..?”
–“ডিম্পী..শুনা আজি এতিয়া অলপ মই ব্যস্ত আছো ফ্ৰেণ্ডৰ লগত..তোমাক মই ৰাতি মেচেজ কৰিম হ’বনে..?”
__বহুত ভালকৈ বুজায় কৈছিল তেওঁ মোক,মোৰ আৰু বেছিকৈ তেওঁৰ ওপৰতহে বিশ্বাস জাগি উঠিছিল,যেন বাকি বোৰ সকলো মিছা কেৱল তেওঁ যি কয় সেয়ে সঁচা..হ’য়তো এয়াই অনুভৱ সঁচা ভালপোৱাৰ “বাকিবোৰ সকলো আন্ধাৰ কেৱল মোৰ চকুৱে তেওঁক বিচাৰে” এবাৰ মোৰ শুনিব মন আছিল এইবোৰ মিছা বুলি..।মই ৰৈ আছিলো তেওঁক এটা মেচেজ দিব বুলি আৰু তেতিয়াই তেওঁৰ এটা মেচেজ আহিছিল–

–” Hey,ডিম্পী কোৱা কি কথা আছিল..?”
–“ক’ব বহুত কথাই আছিল কিন্তু প্ৰথমে মই এটা কথা জানিব বিচাৰো আপোনাৰ..!!”
–“মোৰ কথা মই টো মোৰ জীৱনত এতিয়ালৈ হোৱা সকলো কথাই কৈছো তোমাক আৰু কি জানিব বিচৰা..??”
–“কোৱা নাই আপুনি মোক, Krishna ৰ কথা..!!”

__(মেচেজটো দিয়াৰ লগ লগ তেওঁ চাইছিল কিন্তু তেওঁ ৰিপ্লাই কৰা নাছিল…)
মই ১৫মিনিট পিছত ফেচবুকৰ তেওঁৰ প্ৰফাইলটোৰ এটা স্ক্ৰিন শ্বট দিছিলো তেওঁ সেইটোও চাইছিল..আৰু মাত্ৰ এটা উত্তৰে দিছিল মোক–

–“সঁচা দেখা পিছত মোৰ পৰা আৰু কি জানিব বিচৰা..আমাৰ অলপ প্ৰবলেম চলি আছিল But She is my Girlfriend from last 3years.”
Blocked

কি হৈ গ’ল হঠাৎ,নাই মোৰ মনে নামানে..তেওঁ মোৰ লগত কিয় কৰিব এনেকুৱা..? মই কি ভুল কৰিছিলো..?মইতো তেওঁক আগতে ক’ব যোৱা নাছিলো মই ভালপাও বুলি তেওঁ কৈছিল মোক..!!চকু পানী ৰৈ নোযোৱা হৈছিল সেইসময়ত..মনত পৰিছিল প্ৰথম তেওঁক লগ পোৱা দিনটো..বকু আজি আৰু বেছিকৈ ধক-ধক কৰিছিল,আজি আকৌ হাত ভৰি কঁপিব ধৰিছিল মোৰ…চিঞৰিব মন গৈছিল কিন্তু মই পৰা নাছিলো,মোৰ ৰুমত মই অকলে বহি সেই মেচেজ খিনিয়ে বাৰে বাৰে মই পঢ়ি আছো…কিজানি মোৰেই কিবা ভুল হ’ল…?? নাই মই হাৰি গৈছো…সঁচাৰ সন্মুখীন হ’ব পৰা নাই মই আজি,আইনাৰ আগত এক্টিং কৰা থকা মইজনীয়ে আজি আইনাত নিজক চাব পৰা নাই..লাজ লাগিছিল মোক নিজকে এবাৰ চাব..!!
কাক কওঁ মই,কি কওঁ,কি বুলি আৰম্ভ কৰো মই..??

মই বুজি পাইছিলো তেওঁৰ ৰিলেশ্বনত প্ৰবলেম চলা কেইদিন সময়টো কটাবহে তেওঁ মোৰ ওচৰত আহিছিল,মোৰ সৈতে চিনাকী হৈছিল,মোৰ মন জয় কৰিছিল,মোৰ বিশ্বাস জয় কৰিছিল….একমাত্ৰ মোক ব্যৱহাৰ কৰিব বাবে…??ইমান ৰ্নিদয়ী কোনোবা কেনেকৈ হ’ব পাৰে..??নিজৰ মতলব কাৰণে মোক মাত্ৰ ব্যৱহাৰহে কৰিলে…মোৰ ইম’শ্বনক ঠগিলে..!! সকলো যেন শেষ হৈ গৈছিল সেই দিনা ৰাতি,বিশ্বাস হেৰাই পেলাইছিলো মই,জীৱনৰ ৰঙ উৰি গৈছিল,কেৱল মাত্ৰ চকুপানী দি গৈছিল তেওঁ,মোৰ জীৱন আৰম্ভ হোৱা আগতে মোক ভাঙি থৈ গুচি গৈছিল তেওঁ..!! ৰাতি শুই শুই মই এটা কথাই ভাবিলো,,মই মানে প্ৰথম দিনা,দ্বিতীয় দিনা ঠিকেই ধৰিছিলো মোৰ তেওঁক চিনি পোৱাত কোনো ভুল হোৱা নাছিল,কিন্তু তেওঁৰ হ’য়তো সেই গুন আছিল যে তেওঁ মোৰ ধাৰণাকেই মোৰ আগত ভুল প্ৰমাণ কৰি গ’ল।
–আনক লুকাই কান্দিছিলো মই নতুন আছিল মোৰ বাবে সকলো,প্ৰথম আছিল ভালপোৱা কিন্তু সেইদিনা মই এটা কথা অনুভৱ কৰিছিলো—
“বহুত কম মানুহ আছে এই পথিৱীত যাৰ প্ৰথম প্ৰেম সফল হ’য় আৰু যাৰ হ’য় তেওঁলোকৰ দৰে ভাগ্যৱান কোনো নাই..”
_
সকলো সলনি হ’ব লৈছিল মোৰ সেইকেইদিনৰ পিছৰ পৰা,বিশ্বাস হেৰাই গৈছিল ভালপোৱাৰ ওপৰত,নতুন আৰম্ভণি কৰিছিলো মই কিন্তু আগৰ দৰে হৈ নাথাকিলো….
প্ৰথম দেখিলেই আপুনি বুলি সম্বোধন কৰা জনীয়ে সন্মান কমকৈ কৰা হ’লো মানুহক,ক্লাচ নকৰা হৈছিলো,মনৰ সৌন্দৰ্য্যক গুৰুত্ব দিয়া ছোৱালী জনীয়ে বাহ্যিকতাক বেছি গুৰুত্ব দিব লৈছিলো,কলেজত নিজৰ এটা ষ্টেটাচ বনাব চেষ্টা কৰিছিলো,প্ৰথম দিনাৰ এটিটিউদ নহ’য় এতিয়া মানুহৰ আগত মোৰ ইগ’ প্ৰকাশ পাই..তেওঁৰ এটা কথাই মোক সম্পূৰ্ণ সলাই দিছিল…তেওঁৰ দৰে ময়ো ব্যৱহাৰ কৰিব লোৱা হ’লো মানুহক,মোৰ মন থকালৈ কথা পাতো মন নহ’লে ইগন’ৰ আৰু মই ভাবি লৈছিলো এইজনি ডিম্পীহে পাৰফেক্ট….কিন্তু মই এটা বছৰত যি হেৰাইছিলো অকল মই জানিছিলো,কিয় মই সলনি হ’লো…..

আগলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *