Axomiya Article : “কৃত্ৰিমতাৰ এই জগতখনত পিতৃ-মাতৃৰ ভূমিকা” Writter : Surojit Kalita

Axomiya Article

“কৃত্ৰিমতাৰ এই জগতখনত পিতৃ-মাতৃৰ ভূমিকা”

‘প্ৰেমৰ ৰণাংগনত ডাক্তৰ – ইঞ্জিনীয়াৰ বোৰেই প্রধান শত্ৰু’, হিমাংশু প্ৰসাদ দাসে ৰচনা কৰা এটা জনপ্ৰিয় কবিতাৰ একাষাৰ। কৃত্ৰিমতাৰ এই পৃথিৱীখনত উঠি অহা প্ৰজন্মৰ বাবে ডাক্তৰ – ইঞ্জিনীয়াৰ নাম কেইটাও ক্ৰমাৎ শত্ৰু হৈ পৰিছে। সন্তানে কি হ’ব বিচাৰে সেই কথাটো হয়তো কিছুমান মাক-দেউতাকে আজিকালিৰ দিনতো জানিব নিবিচাৰে। মাত্ৰ হয় ডাক্তৰ নহ’লে ইঞ্জিনীয়াৰ হব লাগে। আজিৰ পৰা প্ৰায় 3-4 বছৰ আগৰ পৰা আমাৰ সমাজ খনত পিতৃ-মাতৃবোৰে ইমান Competative মনোভাব লৈ আগবাঢ়িছে যে তাৰ উদাহৰণ প্ৰত্যেকটো ক্ষেত্ৰতেই পোৱা যায়। কিছু বছৰ আগলৈকে ল’ৰা – ছোৱালীবোৰক 5-6 বছৰ বয়স নোহোৱালৈকে স্কুলত নপঠিয়াইছিল, কিন্তু এতিয়া দেখা যায় ল’ৰাটোৰ বা ছোৱালীজনীৰ 3½ – 4 বছৰত সোমালহে মাত্ৰ ; ওচৰৰ মানুহঘৰৰ লগত তুলনা কৰি এখন High profile থকা প্ৰাইভেট স্কুলত নামভৰ্ত্তি কৰাই দিলেগৈ। পাৰিলে ছমাহমান যোৱাৰ পিছৰে পৰা টিউচন মাষ্টৰো বন্দোবস্তু কৰি দিলে। অলপ ডাঙৰ হৈ তৃতীয়মান শ্ৰেণী পোৱাৰ পিছত হলগৈ আকৌ কাৰোবাৰ লগত Competation। “আমুকৰ ছোৱালীজনীয়ে ইমান ভাল নাচিব পাৰে, আমাৰ এই কিয় নোৱাৰিব!”, কোনোবা এখন ডান্স স্কুলত মাক – দেউতাকে এডমিচন কৰাই দিলেগৈ। ল’ৰাজন বা ছোৱালীজনীয়ে মেট্ৰিকৰ দেওনাখন পাৰ কৰি হায়াৰ ছেকেণ্ডাৰী পালেগৈ। তাৰ পিছত আহিল আচল খেলখন। ল’ৰাজনে বা ছোৱালীজনীয়ে যদি পঢ়িব খুজিছিলে Arts stream ত কিন্তু মাক – দেউতাকে তেতিয়া এক প্ৰকাৰৰ বাধা দিয়াৰ সুৰত কব, “হেই Arts পঢ়ি কি কৰিবি, Science পঢ়, ভাল ডাক্তৰ নহলে ইঞ্জিনীয়াৰ হব লাগিব।” তাৰ পিছত কলেজৰ ক্লাছ আৰম্ভ হবলৈহে পালে, মাক – দেউতাকে লৈ গৈ সন্তানটোক হোৱাৰ লগে মেডিকেল নহ’লে ইঞ্জিনীয়াৰিঙৰ কোছিঙত (coaching) নামভৰ্ত্তি কৰাই দিলে। ভাটৌ চৰাইৰ নিচিনাকৈ পঢ়ি কিবাকে ল’ৰাজনে বা ছোৱালীজনীয়ে মেডিকেল নাইবা ইঞ্জিনীয়াৰিঙত চিট এটা পালেই যেনিবা, পিছতগৈ প্ৰতিটো ছেমিষ্টাৰতে বেক লাগে। ইঞ্জিনীয়াৰ হৈ ওলালেই যেনিবা, পিছত তেনেকুৱা ইঞ্জিনীয়াৰে বনোৱা দলং দুদিনতে খহি পৰে। মেকানিকেল বিভাগৰ হ’লেটো কথাই নাই। কোনোবা কোম্পানীত supervisor হিচাপে নিযুক্তি পোৱাৰ পাছত worker বা ইঞ্জিনীয়াৰ জনতকৈ তলৰ পদবীৰ কৰ্মচাৰীজনক idea দিব পৰাকৈ সম্যক জ্ঞান নাথাকে। তুলনা কৰিলে গম পোৱা যাব যে, তেনেকুৱা এজন ইঞ্জিনীয়াৰতকৈ এজন মেকানিকৰে হয়তো অলপ বেছি জ্ঞান থাকিব। বাস্তৱক্ষেত্ৰত তেনে ইঞ্জিনীয়াৰ এজনে তেওঁৰ তলৰ বিষয়া – কৰ্মচাৰীৰ ওচৰত লাজ পাবলগীয়া হয়। এতিয়া আপুনি বিবেচনা কৰক তেনেকুৱা এজন ইঞ্জিনীয়াৰ গঢ়াৰ বাবে দায়ী প্ৰকৃততে কোন? আনহাতে, ল’ৰাজন বা ছোৱালীজনী মেডিকেলত চিট লৈ ডাক্তৰ হয় তেন্তে বহুক্ষেত্ৰত তেওঁলোকে ভুল ঔষধ প্ৰেচক্ৰাইবদ কৰা দেখা যায়, যাৰ ফলত ৰোগীক মৃত্যুমুখলৈ নিজেই ঠেলি দিয়াৰ লেখীয়া হয়। এনেকুৱাই হয় যেতিয়া নিজৰ মনৰ ইচ্ছা বিৰুদ্ধ পেছা বাছি লৈ জীবন কটাবলগীয়া হয়। কিন্তু ল’ৰাজনে বা ছোৱালীজনীয়ে যদি নিজে ভালপোৱা বিষয়টো বাছি লৈ পঢ়িলেহেঁতেন, তেতিয়া আমিবোৰৰ লেখীয়াকৈ অকল নামৰ ফালৰ পৰা ইঞ্জিনীয়াৰৰ জন্ম নহলহেঁতেন। বঙাইগাঁও পলিটেকনিকত কর্মৰত শ্ৰদ্ধাৰ বীৰব্ৰত দাস চৌধুৰী ছাৰৰ লেখীয়াকৈ গণিত বিষয়ত university ৰ পৰা গ’ল্ড মেডেল আজুৰি আনিবলৈ সক্ষম হলহেঁতেন, শ্ৰদ্ধাৰ প্ৰমথেশ ৰয় ডাকুৱা ছাৰৰ লেখীয়াকৈ দুবাৰ Master Degree লবলৈ সক্ষম হ’লহেঁতেন। সমাজত সুপ্রতিষ্ঠিত ব্যক্তিত্বৰ গৰাকী বুলি সকলোৱে সমীহ কৰিলেহেঁতেন। সমাজত বিকৃত মানসিকতাৰ সৃষ্টি হয়তো এইবোৰৰ পৰাই হোৱা দেখা যায়। জালিয়াটি, লুন্ঠন, ভাবুকি, কলাবেপাৰ এইবোৰত কিছু পৰিমানে হ’লেও এনে লোকে অৱদান আগবঢ়াইছে বুলি মই ভাবো। সকলো পিতৃ – মাতৃলৈ অনুৰোধ, সন্তানক উচিত সময়তহে বিদ্যালয়ৰ লগত পৰিচিত কৰি দিয়ক। আপোনাৰ সন্তানটোৰ কিহৰ প্ৰতি আগ্ৰহ বেছি সেইয়া জানিবলৈ চেষ্টা কৰক। ভৱিষ্যতে আপোনাৰ ল’ৰাটো বা ছোৱালীজনী কি হবলৈ বিচাৰে সেইয়া হবলৈ সহায় কৰিব নোৱাৰিলেও অন্ততঃ অনুপ্ৰেৰণা আগবঢ়াওক। তেতিয়া তেওঁলোকে সমাজত যিটো নাম উপাৰ্জন কৰিব সেইটো লৈ এদিন আপুনিয়ে গৌৰৱ কৰিব পাৰিব; মোৰ ল’ৰাজন শিক্ষক, মোৰ ছোৱালীজনী শিপিনী। আপোনাৰ সন্তানৰ আগ্ৰহ থকা কামটো কৰিবলৈ ইমান বেছিকৈ উৎসাহ দিয়ক যাতে তেওঁ কৰা সেই ভাল কামটোৰ বাবে গোটেই দুনীয়ায়ে তেওঁক চিনি পায়।।

✍🏻 সুৰজিত কলিতা

Leave a Reply

Your email address will not be published. Required fields are marked *