Axomiya Article কাৰন আমি গৰু writter : Asok Kumar Nath

Axomiya Article

কাৰণআমিগৰু!

( ৰস-ৰচনা)

ঘৰখনত নতুনকৈ এজন গৰখীয়া তথা হালোৱাক এপ‌ইণ্ট্ কৰা হৈছে। নাম– টংকেশ্বৰ। এহালেই হালোৱা-গৰু গৃহস্থৰ; আৰু গৰু নাই। প্ৰথম দিনা পুৱা গোহালিত– গৰু দুটা তেতিয়া বহি আছিল। ( বহি আছিল বুলিয়েই ক’ব লাগিব ন! কাৰণ সিহঁত দুটা তেতিয়া টোপনিত নাছিল। )। গৃহস্থ যিহেতু উঠাই নাই, টংকেশ্বৰে চাদা অকণ খাই ল‌ওঁ বুলি ভাবি চাদা-টেমাটোৰ পৰা চাদা আৰু চূণ উলিয়াই চাদা মৰা আৰম্ভ কৰি দিলে। চাদা মাৰি মাৰিয়েই টংকেশ্বৰে গৰু দুটাক উদ্দেশ্যি চিঞৰিলে–

টংকেশ্বৰ : ঐ! উঠ উঠ!!
যদু ( প্ৰথম গৰু ) : অঁ! ই নতুনকৈ আহিছে, চিনিয়ৰকচোন সন্মানেই কৰিব নাজানে! হেৰৌ! এইখন ঘৰত আমাৰ ৫ বছৰ হ’ল! বোলো চিনিয়ৰকতো অকণমান respect দিবলৈ শিক– কি কোৱা দোস্তি ?
মধু ( দ্বিতীয় গৰু ) : ষোল্ল অনাই সঁচা কৈছা দোস্তি!
যদু ( প্ৰথম গৰু ) : ই বৰ ঠিক নহ’ব যেন পাইছোঁ। First impression is the last impression– হয়নে নহয় দোস্তি! প্ৰথম আহিয়েই চিনিয়ৰৰ আগত চাদা মাৰিছে! কি অভদ্ৰ তেন্তে ই! আৰু তাৰ behaviour-টো দেখিছা!! আৰু দেখাতো ধূমপান কৰা মানুহ যেনেই লাগিছে। দোস্তি! পনীয়াবিধো ধৰেই যেন পাইছোঁ! তাৰ মাতটো শুনিলা– কি গলগলীয়া! আৰু ই যদি হাল বাওঁতে কেনেবাকৈ বিড়ি হুঁপিলে– মা কচম দোস্তি– খুঁচি পেটু উলিয়াই দিম কিন্তু ম‌ই ইয়াৰ! ধূমপান মোৰ একেবাৰে সহ্য নহয় ঔ! আৰু বিড়িৰ গোন্ধ– অক! গোন্ধটো পালেই মোৰ কিবা বমি হৈ যাব বমি হৈ যাব যেন লাগে!
মধু (দ্বিতীয় গৰু ) : ৰ’বাচোন দোস্তি, ইমানো খং নুঠাবা। খং নামেই চণ্ডাল! খঙৰ পৰা কাৰোৰে একো লাভ বা উপকাৰ নহয় অ’!
যদু (প্ৰথম গৰু ) : কি যে হালোৱা এটাক এপ‌ইণ্ট্ কৰিছে অ’ গৃহস্থই! Atlest আমাৰ কথাতো এবাৰ ভাবি চাব লাগে। সকলো গৰখীয়া তথা হালোৱাৰ লগত আমিতো adjust নহ’ব‌ও পাৰোঁ– হয় নে নহয় ? আমাৰ কি সুখ-দুখ, ভাল লগা বেয়া লগা বুলি একো কথা থাকিব নোৱাৰে ? আমাৰ কি আৱেগ-অনুভূতি নাথাকে নেকি ?
মধু ( দ্বিতীয় গৰু ) : কিনো কৰিবা দোস্তি– মানুহ এনেকুৱাই!

যদু ( প্ৰথম গৰু ) : দুবিঘা-তিনি বিঘা মাটি হালবাই মৈ দি শেষ কৰি উঠি দুপৰীয়া যেতিয়া পথাৰৰ সেই লেতেৰা খালটোৰ গৰম পানীসোপাকে খাবলগীয়া হয়, উস্! কিমান যে দুখ লাগে দোস্তি! ফট কৰে ‘মা’লৈ বৰকৈ মনত পৰি যায় অ’! জানা– কেতিয়াবা মোৰ ফ্ৰীজৰ পানীত তৈয়াৰ কৰা নেমুৰ চৰবত খাবলৈ বৰ মন যায়– বুইছা দোস্তি!

মধু ( দ্বিতীয় গৰু ) : ধেৎ! তুমি যে কি কি কথা ভাবি থাকা নহয়!! আমাৰ দুয়োটাকে নেমুৰ চৰবত খোৱাবলগীয়া হ’লে, দুয়োটাৰ কাৰণে এবাৰতে খোৱাবলৈ ৫ লিটাৰ ৫ লিটাৰ– মুঠতে অতিকমেও ১০ লিটাৰ নেমুৰ চৰবত বনাব লাগিব! গৰুক এনেকৈ নেমুৰ চৰবত খোৱবলগীয়া হ’লে গৃহস্থ দেউলীয়া হৈ যাবচোন!

যদু ( প্ৰথম গৰু ) : হ’ব দিয়া! তুমি হাঁহিব নালাগে! ম‌ই এবাৰ খোওঁৱাৰ কথাহে কৈছোঁ! মোৰ মতে– প্ৰত্যেক গৃহস্থই এদিনৰ বাবে হ’লেও নিজৰ ঘৰৰ গৰুকেইটাক বিশেষকৈ আমাৰ দৰে হালোৱা-গৰুকেইটাক নেমুৰ চৰবত খোৱাব লাগে কিন্তু! আমাৰ বাপুকণে ( মালিকৰ পুতেক সৰুটো ) আইচক্ৰিম খাই থকা দেখিলে মোৰো আইচক্ৰিম খাবলৈ বৰ মন যায় অ’!!। মন যাব‌ও পাৰে দিয়াচোন! তাত হাঁহিব লগা কিডাল আছে!!
শুনাচোন দোস্তি– আমাৰ পূৰ্ব পুৰুষক ভগৱান কৃষ্ণ‌ই চৰাই থাকোতে পূৰ্ব-পুৰুষে কৃষ্ণ প্ৰভুক অন্ততঃ দমকল মাৰিব পৰা কৰি দিবলৈ অনুৰোধ এটা কৰিব লাগিছিল– নহয়নে দোস্তি ?? আজি যদি আমি দমকল মাৰিব পাৰিলোঁহেতেন, তেন্তে পথাৰৰ এচুকত থকা সেই ৰাইজৰ দমকলটো মাৰি আমি নিজেই বিশুদ্ধ পানী খাব পাৰিলোঁহেঁতেন।
মধু ( দ্বিতীয় গৰু ) : কিনো কৰিবা দোস্তি– এয়াই আমাৰ ভাগ্য! মন বেয়া নকৰিবাচোন।
যদু ( প্ৰথম গৰু ) : বাৰু, হাল বাই থাকোতে যদি ই কেনেবাকৈ টিকাত হালোৱা-এছাৰিৰে কোব মাৰে, ম‌ই কিন্তু হাল নাবাই ৰৈ যাম– কৈ দিলোঁ! আৰু ম‌ই ৰৈ গ’লে তুমিও ৰৈ দিবা দোস্তি। আৰু ইয়াৰ কথা নুশুনা ভাও ধৰি আমি দুয়োটাই দুয়োটাক চেলেকি থাকিম দেই!
মধু ( দ্বিতীয় গৰু ) : নাই দেই দোস্তি! পথাৰত মাজত ইমান open ঠাইত চেলেকা-চেলেকি নকৰোঁ দে‌ই! আজিকালি যিহে দিনকাল চলিছে– কেনেবাকৈ ছ’চিয়েল মিডিয়াত চেলেকা-চেলেকিৰ ফটো ভাইৰেল হৈ গ’লে আমাৰ দুয়োটাৰে নাক-কাণ কটা যাব বুইছা! মুখেই উলিয়াব নোৱাৰিম গৰুৰ আগত!

ইতিমধ্যে টংকেশ্বৰে চাদাকণ সুন্দৰকৈ তৈয়াৰ কৰি ওঁঠৰ তলত ( মুখৰ ভিতৰত ) ভৰাই ল’লে। গৰু দুটা তেতিয়া‌ও নুঠা দেখি চালত খুঁচি থোৱা হালোৱা এছাৰিৰে টংকেশ্বৰে যদু আৰু মধুক–সিহঁতৰ টিকাত ভালকৈ এছাট এছাট লগাই দিলে।

টংকেশ্বৰ : ইহঁত দুটাৰ উঠিবলৈ হোৱাই নাই– উঠ বুলিছোঁ!

যদু-মধু একে জাপে উঠিল। প্ৰচণ্ড খঙত যদুৱে টংকেশ্বৰক খুঁচিবলৈ উদ্যত হ‌ওঁতেই মধুৱে বাধা দি ক’লে —

মধু ( দ্বিতীয় গৰু ) : দোস্তি, একদম নুখুঁচিবা– মোৰেই শপত! কোনোৰকম এইখন গৃহস্থীয়ে আমাক নিবনুৱা হোৱাৰ পৰা ৰক্ষা কৰিছে। আমাক হালোৱা গৰু হিচাপে ৰাখিছে। সেইটো আমাৰ চাকৰি বুলি ভাবাচোন! আজিকালি আমাৰ মানে গৰুৰ একো কাম নাইকিয়া হৈ গৈছে অ’ দোস্তি! বিজ্ঞানৰ যুগ! মাটি ট্ৰেক্টৰৰ সহায়তেই চহায় আজিকালি। ধান কটা আনকি মৰণা মৰালৈকে সকলো ইঞ্জিনৰ দ্বাৰাই হয়। গতিকে আমি যে সংস্থাপন এটা পাইছোঁ এইখন ঘৰত– সেয়াই বহুত অ’ দোস্তি! জীয়াই থাকিবলৈ সুবিধা অকণ পাইছো– সেয়াই বহুত! নিবনুৱা হ’লেই আমি মাংসৰ বাহিৰে আৰু একো কামত নাহিম অ’! বজাৰত বেচি দিয়াৰ পিছত কোনোবাই খাই পেলোৱাতকৈ জীয়াই আছা– সেয়াই বহুত বুলি ভাবাচোন দোস্তি!

প্ৰচণ্ড খং আৰু উত্তেজনাত যদুৰ চকুপানী ওলাই আহিল। মধুৱে যদুক শান্তনা দিলে–

মধু ( দ্বিতীয় গৰু ) : নাকান্দিবাচোন দোস্তি– নাকান্দিবা অ’! জন্মলগ্নৰে পৰা সহ্য কৰিয়েই আহিছোঁ। এতিয়াও সহ্য কৰিয়েই যাব লাগিব। কাৰণ আমি গৰু! আমি ইতৰ প্ৰাণী। আমাৰ দৰে জীৱবোৰৰ সুখ-দুখ সকলো মানুহৰ হাতত বন্দী! কোনো স্বাধীনতা নাই আমাৰ। ব’লা দোস্তি– যাওঁ ব’লা। আজি আকৌ তিনি বিঘামান মাটি হাল বাৱ লগীয়া হ’ব পাৰে কিজানি। কালি হাল বোৱা ভাগৰেই মৰা নাই! কিন্তু আমিতো নমক হাৰাম কৰিব নাৱাৰোঁ! সেয়েহে দুখ নকৰিবা! ব’লা দোস্তি– যাওঁ বলা এতিয়া…


-✍অশোক কুমাৰ নাথ।

Leave a Reply

Your email address will not be published. Required fields are marked *