Axomiya Article : এজন প্ৰবাসী অসমীয়াৰ মনৰ কথা writter Dr.Bhupen Saikia

Axomiya Article

এজন প্ৰবাসী অসমীয়াৰ মনৰ কথা

কিছু আক্ষেপৰে মনৰ কথা কেইটিমান বেকত কৰিব লৈছোঁ ৷ কোনেও গাত পাতি নলয় যেন আৰু মোৰ কথাখিনিক আত্মশ্লাঘা বুলি গণ্য নকৰে যেন ৷ 'যি কম সঁচা কম' নীতি সৰোগত কৰি স্মৃতিৰ পাত লুটিয়াই বিশ্লেষণ কৰি যাব খুজিছোঁ ৷ অসমত চৰকাৰী চাকৰি কৰি থকা সময়ত এবাৰ অসম চৰকাৰে বিদেশত বিভিন্ন বিশেষ চিকিৎসা পাঠ্যক্ৰম পঢ়িবৰ বাবে জলপানিৰ ঘোষণা কৰিছিল আৰু ডাক্তৰ নিৰ্বাচন কৰি ইংলণ্ডকে আদি কৰি উন্নত দেশলৈ অধ্যয়নৰ বাবে পঠাইছিল ৷ সেইসকলৰ ওপৰত শৰ্ত আৰোপ কৰা হৈছিল শিক্ষা সমাপন কৰি অসমলৈ ঘূৰি আহি সেৱা আগবঢ়াব ৷ নিৰ্বাচনৰ যোগ্যতা ঘাইকৈ ৰাজনেতা আৰু উচ্চপদস্থ বিষয়া সকলৰ ভিতৰুৱা চা-চিনাকীৰ ভিত্তিত হোৱা বুলি অভিযোগ উঠিছিল ৷ সেইসকলৰ কিমানজনে শিক্ষা সাং কৰি অসমলৈ ঘূৰি আহিল সেয়া ৰাইজে নাজানিলে ৷ কিন্তু ইংলণ্ডত নিজকে বিশেষজ্ঞ হিচাবে নিজকে প্ৰতিষ্ঠিত কৰি স্থায়ীভাবে সেই দেশত ৰৈ যোৱা মোৰ সমসাময়িক দুই এক চিকিৎসকৰ কথা মই নজনা নহয় ৷ পঢ়াশুনাত বেয়া ছাত্ৰ নাছিলোঁ বাবে ময়ো মনত দুটি গোপন অভিলাষ পুঁহি ৰাখিছিলোঁ ৷ প্ৰথম এটি বিদেশৰ স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰা, দ্বিতীয়তে প্ৰবাসত চাকৰি কৰাৰ অভিজ্ঞতা আহৰণ কৰা ৷ ১৬টা বছৰ চৰকাৰী চিকিৎসা বিষয়া হিচাবে কাৰ্য্যকাল সম্পূৰ্ণ কৰাৰ পিছত সেই দুই লক্ষ্যৰে চাকৰিৰ দায়িত্ব সামৰি নিজ পথত অগ্ৰসৰ হ'লোঁ |

এটা সময়ত বিশ্বৰ বিভিন্ন দেশৰ ৩০জনীয়া চিকিৎসকৰ মাজত ময়ো এজনহৈ ডাবলিনৰ ‘ৰয়েল কলেজ অৱ চাৰ্জনচ ইন আয়াৰলেণ্ড’ত ট্ৰপিকেল মেডিচিন বিষয়ত অধ্যয়ন কৰাৰ বাবে নিৰ্বাচিত হ’লোঁ ৷ নিশ্চিতভাবে সেই শিক্ষাই মোৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিলে আৰু মোৰ আত্মবিশ্বাসো বাঢ়িল ৷
প্ৰবাসত মই এতিয়ালৈ সেৱা আগবঢ়োৱা দেশ কেইখন হ’ল – লিবিয়া, মালদ্বীপ, নেপাল, সংযুক্ত আৰব আমীৰাট (UAE) আৰু শেহতীয়াকৈ কাটাৰ ৷ প্ৰত্যেকখন দেশতেই ন ন অভিজ্ঞতাৰ পৰা ৰোগ আৰু জীৱন সম্বন্ধে নানা কথা শিকিলোঁ ৷ এইখিনিতে দুটা কথা উল্লেখ কৰা ভাল হব বুলি ভাবোঁ ৷ প্ৰথম হ’ল প্ৰত্যকখন দেশতেই লগ পালোঁ এচাম প্ৰতিভাবান,অধ্যৱসায়ী চিকিৎসকক যাৰ মহত্বাকাংক্ষা হ’ল নিজা শ্ৰমৰ বিনিময়ত এধাপ এধাপকৈ আগুৱাই যোৱা ৷ দ্বিতীয় কথাটো হ’ল মোক অস্বস্তিত পেলোৱা এক প্ৰশ্ন – অসমীয়া লোকসকলে বিদেশত চাকৰি কৰিবলৈ কিয় ওলাই নাহে ? পাঠকে ভাবি চাবচোন আমাৰ অসমীয়া মানুহ ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়াৰ বাহিৰে বিশ্বৰ আন কোন কোন দেশত কিছু জাতিগত পৰিচয় দেখুৱাৰ পৰাকৈ আছে ? অথচ কেৰালাৰ দৰে সৰু প্ৰদেশৰ প্ৰতি ঘৰৰ এজন নহয় এজন সৰু বৰ বিভিন্ন কামত নিয়োজিতহৈ বিশ্বৰ প্ৰায় প্ৰতিখন দেশতেই আছে ৷
অসমত কৰ্মৰত থাকোতে বৃতিগতভাবে মই বহুতো ব্যস্ত আছিলোঁ ৷ ৰাইজৰ বহুতো সমাদৰো লভিলোঁ ৷ চৰকাৰী চাকৰিলৈ পিঠি নিদিয়াকৈ নিজাকৈ তাকৰীয়া ৰোগী ৰাখি চিকিৎসা কৰিব পৰা ক্লিনিকো (“ৰামচৰণ ফাউণ্ডেচন”) স্থাপন কৰিলোঁ ৷ প্ৰতি বছৰে গুৱাহাটীৰ আশে পাশে ৫৷৬বাৰ বিনামূলীয়া চিকিৎসা শিবিৰ পাতি গৈছিলোঁ ৷ চিকিৎসালয়ৰ কৰ্মীসকলেৰে বিহু হুচৰি দল পাতি কামৰূপৰ বিভিন্ন বিহুতলীত ভাগলৈ ৰাইজৰ আশীষ ধন্য হৈছিল ৷ অনেক সুখদ ব্যতিক্ৰমী অভিজ্ঞতাৰ মাজত কেইটিমান অকল্পনীয় দুখদ অভিজ্ঞতাৰো সন্মুখীন হ’লোঁ ৷ ডকাইতি আৰু একাধিকবাৰ ধন দাবিৰ সন্মুখীন হ’লোঁ ৷ নিজৰ জন্মভূমিতেই পৰম অনিচ্ছা সত্বেও চৰকাৰী দেহৰক্ষীলৈ চলিব লগীয়া হৈছিল !
পাঠকে ক্ষমা কৰিব আগকথা দীঘলীয়া হৈছে ৷ সততে অসমত প্ৰায়ে সমালোচনা হৈ আহিছে বিদেশত থকা প্ৰবাসী অসমীয়াসকলে অসমত কিয় অযথা প্ৰাধান্য পায় ? তেওঁলোকে স্বদেশৰ পৰা নিৰাপদ দূৰত্বত থাকি বিলাসী জীৱন কটাই আছে মাথোন ! উত্তৰত কম আজিৰ যুগত দিল্লী,বাংগালোৰ,চেন্নাই আদি ঠাইত কৰ্মৰত অসমীয়া সকলতকৈ বিদেশত কৰ্মৰত অসমীয়াসকলৰ অসম প্ৰেম কোনো গুণে কম নহয় ৷ নহলেনো আমেৰিকা গুৰু আসন প্ৰতিষ্ঠা হয়নে ? ডুবাইত,আমেৰিকাত,বিলাতত আৰু কাটাৰতো ভাৰতীয় দূতাবাসৰ সাংস্কৃতিক কেন্দ্ৰৰ অধীনত ‘অসম সমাজ’ স্থাপিত হয়নে ? এই সমাজসমূহে সময়ে সময়ে অসমৰ শিল্পীত আমন্ত্ৰিত কৰি সন্মান জনাই আহিছে ৷ বানপানীৰ দৰে অসমৰ প্ৰাকৃতিক দূৰ্য্যোগ, দৰিদ্ৰ মেধাবী ছাত্ৰক সাহায্য প্ৰদান কৰি আহিছে ৷ কাটাৰ অসম সমাজে https://assamsocietyqatar.wordpress.com/  আৰু  https://www.facebook.com/assamsocietyqatar/ নামেৰে বিশ্ববাসীক অসমৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰিছে ৷ আমাৰ কাটাৰ অসম সমাজে এতিয়ালৈ তিনিখনকৈ অসমীয়া আৰু ইংৰাজী দ্বিভাষিক ৰঙীন দ্বিভাষিক স্মৰণিকা প্ৰকাশ কৰি আহিছে ৷ ইউটিউবত বহুসংখ্যক নিজৰ সংস্কৃতিৰ পৰিচয় দাঙি ধৰা ভিডিঅ’ আপলোড কৰি আহিছে ৷
বিশ্বৰ প্ৰবাসী অসমীয়াসকলে নিজ নিজ ক্ষেত্ৰত কৰ্মকুশলতা দেখুৱাৰ ওপৰিও কেইজনমানে বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা কৰি অসমৰ নাম উজ্বল কৰিছে ৷ অসমৰ বিভিন্ন সংবাদ পত্ৰত অনেক প্ৰবাসীয়ে নানান ধৰণৰ সাহিত্য চৰ্চা কৰি থাকে ৷ এই নি:কিনেও নিজস্ব প্ৰচেষ্টাৰ বিগত চাৰিটা বছৰত চাৰিখন
পুথি প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছোঁ ৷ সেই কেইখন হ’ল-কাটাৰৰ ডায়েৰী (ভ্ৰমণৰ জীৱন্ত দস্তাবেজ), মনৰ প্ৰতিবিম্ব (সচিত্ৰ ৰঙীন কবিতা পুথি), স্বাস্থ্য কথা (চিকিৎসাৰ বিষয়ৰ হাতপুথি) আৰু চিনাকি পাচলিৰ অচিনাকি গুণ (অসমীয়া  বনৌষধিৰ পৰিচয় জনোৱা গ্ৰন্থ)৷
আৰু এটা লাগতিয়াল কথা ৷ কেৰালাৰ মানুহৰ এটা স্বভাৱ হ’ল স্বজাতিৰ লোকক সুবিধা কৰি দিয়াৰ ৷ নিজে আত্মীয় স্বজনক ঘৰত আশ্ৰয় দি একাধিকবাৰ ইন্টাৰভিউৰ সুবিধা দি চাকৰি পোৱাত সহায় কৰি দিয়ে ৷ যিটো মই নিজা আগ্ৰহ থকা সত্বেও কৰিবলৈ সক্ষম হোৱা নাই ৷ যোগ্যতা থকা কেইবাজনেও আহিবলৈ আগ্ৰহ দেখুৱায়ো অহা-যোৱাৰ টিকটৰ খৰছতো অপব্য়য় হব বুলি ভাবি আহিবলৈ সাহ নকৰিলে ৷ আকৌ কাৰোবাক ঘৰুৱা পৰিবেশে সন্মতি নোযোগায় ৷ এবাৰ এজন কাৰিকৰি জ্ঞান থকা লোকক মোৰ সামান্য অনুৰোধতে উপযুক্ত পদত নিযুক্তি দিছিল ৷ তেতিয়া মই কাটাৰ অসম সমাজৰ সভাপতি আছিলোঁ ৷ কিন্তু ব্যক্তিগত অসুবিধাত তেওঁ তিনিমাহ চাকৰি কৰিয়ে ঘৰলৈ গুছি গ’ল ৷ অসমৰ আকৌ বহুতে ন্যুনতম যোগ্যতাখিনি আহৰণ নকৰাকৈ প্ৰবাসত ৰেডিমেড ভাল চাকৰি বিচাৰে ৷ এইটো সঁচা বৰ্তমান চাকৰিৰ বজাৰখন বৰ কঠিন ৷ কিন্তু তথাপিও যোগ্যজনৰ বাবে চাকৰিৰ অভাৱ নহয় ৷ উদাহৰণ যি কোনো কাৰিকৰি কামৰ বাবে অভিজ্ঞতাই যথেষ্ট নহয় ৷ ইলেকট্ৰিচয়ান, এচি টেকনিয়ান, গাড়ীৰ মেকানিক, চিকিউৰিটি অফিচাৰ, কাৰপেন্টাৰ, প্লাম্বাৰ আদি সকলো কামৰ বাবেই নিজৰ দেশৰ যি কোনো মান্যতাপ্ৰাপ্ত অনুষ্ঠানৰ পৰা ডিপ্লমা প্ৰমাণ পত্ৰ আহৰণ কৰিব লাগিব ৷ মেডিকেল চাকৰিৰ বাবে ভাৰততেই কেইবা ঠাইত হোৱা প্ৰমেট্ৰিক নামৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব ৷ এনে যোগ্য অসমৰ প্ৰাৰ্থীক সহায় কৰিবলৈ আমি সৰ্বথা আগ্ৰহী ৷ কাটাৰত বিগত প্ৰায় ৮বছৰৰ অভিজ্ঞতাৰ পৰা এটা কথা মই ন দি কব পাৰোঁ যে ইয়াত সঘনাই হৈ থকা আন্ত:ৰাষ্ট্ৰীয় মেডিকেল চেমিনাৰসমূহৰ পৰা চিকিৎসা বিজ্ঞানৰ নতুন নতুন কথাবোৰৰ সৈতে অৱগতহৈ তাক মোৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰাৰ সুবিধা পাইছোঁ৷
অনেক আদৰ্শ প্ৰবাসী অসমীয়াৰ মাজৰ এজনৰ নাম মই এই লিখনিৰ যোগেদি সকলোকে অৱগত কৰিব খুজিছোঁ৷ তেখেত হ’ল যোৱা ১৮বছৰে একেৰাহে প্ৰকাশ কৰি অহা দ্বিভাষিক আলোচনী ‘লুইতৰ পৰা টেমচলৈ’ৰ সম্পাদক ডাক্তৰ কৰুণা সাগৰ দাস৷ সুদূৰ বিলাতত থাকিও অসমী মাতৃৰ নাম উজলাবলৈ আৰু শংকৰী সংস্কৃতিৰ প্ৰচাৰ কৰিবলৈ তেখেতে অহোপুৰুষাৰ্থ কৰি আহিছে৷ তেনে চিৰনমস্য ব্যক্তিত্ব্যই মোক সদায় অনুপ্ৰাণিত কৰে৷
এতিয়া আহোঁ ফেচবুকৰ কথালৈ ৷ মোৰ ক্ষেত্ৰত ফেচবুকৰ যোগাত্মক প্ৰভাৱেই অধিক ৷ ফেচবুকৰ বিভিন্ন গোট আৰু ঘাইকৈ ‘অসমীয়াত কথা বতৰা’ নামক গোটে মোক ভাৱ প্ৰকাশৰ মঞ্চ দিলে আৰু পাঠক উদগণিয়ে বিভিন্ন বিষয়ৰ ওপৰত লিখি যাবলৈ মনোবল বঢ়ালে ৷ প্ৰবাসৰ পৰাই এবাৰ ‘সাহিত্য ডট কম’ আলোচনীৰো সম্পাদনা কৰাৰো দায়িত্ব সুকলমে পালন কৰিলোঁ ৷ প্ৰবাসত থাকিও মনতো সকলো সময়তো অসমতে থাকে বুলিলে অত্যুক্তি কৰা নহব ৷ পুৱাই দিনটো আৰম্ভ কৰোঁ ইন্টাৰনেটযোগে অসমৰ বাতৰি কাকত কেইখনত চকু ফুৰোৱাৰে ৷ তাৰ পিছত ডিউটি নথকা সময়ত ঘৰত থাকিল ভালে বেয়াই অসমীয়া চেনেলকেইটাই বাজি থাকে ৷ প্ৰবাসত থাকিও এটা কামৰ মাধ্যমেৰে প্ৰশান্তি লাভ কৰি আছোঁ – সেইটো হ’ল ৱাটচএপ, মেছেজ,ই-মেইল আৰু টেলিফোনযোগে সপ্তাহত অসমৰ ৮৷১০ জন লোকক বিগত কেইবাবছৰৰ পৰা বিনামূলীয়া চিকিৎসা পৰামৰ্শ আগবঢ়াই ৰাইজৰ আস্থাভাজন হবলৈ সক্ষম হৈছোঁ ৷ এই সংখ্যা ক্ৰমে বাঢ়ি আহিব ধৰিছে ৷
শেষত আৰু এটা কথা, প্ৰবাসত কৰ্মৰত হলেও এয়া আমাৰ নিগাজী ঠিকনা নহয় ৷ চাকৰিৰ চুক্তিৰ ম্যাদ শেষ কৰি এটা সময়ত ঘৰৰ পক্ষী ঘৰলৈ ঘূৰিমেই – কাৰণ মই জীৱনে মৰণে অসমীয়া !!

✍ড ° ভুপেন শইকীয়া


Leave a Reply

Your email address will not be published. Required fields are marked *