শিশুসকলক মোবাইল আসক্তিৰ পৰা কেনেকৈ আঁতৰাব পাৰি – লিখক :প্ৰতিভা বৰ্মন সিংহ

Axomiya Article

শিশুসকলক মোবাইল আসক্তিৰ পৰা কেনেকৈ আঁতৰাব পাৰি 

   আজিকালি প্ৰায়ভাগ সৰু লৰা ছোৱালীৰ হাতত মোবাইল দেখিব পোৱা যায়। সিহঁতে বাহিৰলৈ গৈ খেলাতকৈ মোবাইলত গেম খেলি নাইবা মোবাইলত ৰাইম চাই কাটুন চাই বেছি ভাল পায় যিটো শিশু সকলৰ চকুৰ বাবে বহুত ক্ষতিকাৰক। আমি সকলোৱে জনা উচিত যে বেছি মোবাইল চোৱা শিশুসকল জিদ্দি,খিংখিঙীয়া আৰু খঙাল স্বভাৱৰ হব ধৰে।আৰু এটা কথা যিবিলাক শিশুৱে বেছি সময় মোবাইল টিভিত থাকে সিহতৰ creativity কমি যায় যিটো শিশুৰ Mental growth ৰ বাবে বহুত বেয়া।

                প্ৰথম কথা শিশুসকলৰ এই অভ্যাসটো কৰ পৰা আহিল আমি এবাৰ ভাবিছোনে। আচল দায়ী কোন ? আচল দায়ী আমি অভিভাৱক সকল 

 শিশুসকল আমাৰ কথা বতৰা নহয় আমাক অনুসৰণ কৰে আমাক চাই শিকে।সিহতেও ভাৱে মা দেউতাইনো মোবাইলত ইমান কি  চাই থাকে মোবাইলত নিশ্চয় কিবা আছে  মইও চাম কি আছে।

      সেইকাৰণে সিহঁতৰ ওচৰত মোবাইলৰ ব্যৱহাৰ নকৰিব । সিহঁতে যেতিয়া স্কুলত যায়,শুই থাকে বা খেলিব যায় তেতিয়া ব্যৱহাৰ কৰিব  ৷ ইয়াৰ পৰা এটা উপকাৰিতাও আছে যিটো সময় আমি মোবাইলক দিও সেইটো সময় আমি লৰা ছোৱালীক দিব পাৰিম।

      কিছুমান মাকে লৰা ছোৱালীক লোভ দেখুৱাই সোনকালে ভাত খোৱা মোবাইল দিম সোনকালে হোমৱৰ্ক কৰা মোবাইল দিম। এইবোৰ কৰিলেটো মোবাইলৰ অভ্যাস হবয়ে।সেইকাৰণে লোভ দিয়া বন্ধ কৰক। যদি শিশুটি কেতিয়াবা পৰি গল বেছিকৈ কান্দি থাকে তেতিয়া অলপ সময়ৰ বাবে ধ্যান সলনি কৰাৰ বাবে দিব পাৰে।আৰু কিছুমান এনেকুৱা অভিভাৱক  দেখিছো যিয়ে লৰা বা ছোৱালীজনীৰ আনৰ আগত প্ৰশংসা কৰে মোৰ শিশুটি মোবাইলৰ নজনা একোৱেই নাই চবেই জানে মইয়ে ইমান নাজানো এইবোৰ কৈ গৰ্ব অনুভৱ কৰে। এনেকুৱা কেতিয়াও নকৰিব কাৰন এইবোৰ কৰিলে সিহঁতৰ মোবাইলৰ প্ৰতি  আসক্তি বাঢ়িবহে।

আপোনালোকে সিহঁতৰ প্ৰতি অলপ  Strict হব লাগিব সিহঁতৰ কান্দোন শুনি মোবাইল হাতত তুলি নিদিব। প্ৰথমতে অলপ কান্দিব আমাক সেইটো Avoid কৰিব লাগিব। আমি অলপ বুদ্ধি কৰি তাৰ মোবাইলৰ পৰা ধ্যানটো সলনি কৰিব চেষ্টা কৰিব লাগিব। যেনেকা ধৰক সিহতে কি খায় ভাল  সেইটো বনায় দিয়ক নহলে drawing কৰিব দিয়ক যদি সিহতে কিবা creativity কৰি ভাল পায় সেইটো কৰিব দিব পাৰে। সিহতঁৰ ৰুচিমতে কাম কৰক।

           শিশুসকলে যেতিয়া মোবাইলত  একেবাৰে ধ্যান দি কিবা চাই আছে তেতিয়া আপুনি মোবাইলটো কাঢ়ি লৈ নাযাব। তেতিয়া  কিন্তু সিহতে বেছি জিদ্দি হৈ যাব। ধৰি লওক শিশুটিয়ে ভিডিও বা ৰাইম চাই আছে  আপুনি মৰমৰে কওক ৰাইমটো শেষ হলেই মোক দিবা দেই। শিশুটি যেতিয়া মোবাইলটো বন্ধ কৰি  আপোনাৰ হাতত দিব তেতিয়া  আপোনাৰ মুখতএটা ☺ Smile আনিব আৰু শিশুটিক মৰম দিব ।শিশুটিৰ আনৰ আগতো  প্ৰশংসা কৰক বহুত ভাল লৰা বা ছোৱালী বুলি ।মোবাইলটো নিজে বন্ধ কৰি মোক দিয়ে। সঁচাকৈয়ে শিশুটিয়ে মোবাইলটো আপোনাৰ হাতত দিব ।দেখিব শিশুটি এই কামটো  সদায় কৰিব লাহে লাহে তাৰ মোবাইলৰ প্ৰতি  আসক্তি কমি আহিব। নিজে কৰি চালে গম পাব ।ধন্যবাদ।

                           ✍️প্ৰতিভা বৰ্মন সিংহ

Leave a Reply

Your email address will not be published. Required fields are marked *