Assamese Love Story :Kuwoli Goodmorning Part :3

Axomiya Story kuwoli


(৩)……..”কোন আহিছে মাজনী” পাপাৰ মাতটো শুনি মই ভিতৰলৈ সোমাই গলো। -” খুড়া আপোনাক বিচাৰি এজন ল’ৰা আহিছে।” খুড়াই তাক ভিতৰলৈ মাতিব কলে।মই তাৰ ওচৰলৈ আকৌ গলো।কিন্তু এইবাৰ অলপ সাহসত গৈছোঁ। কিবাকে অলপ সাহস গোটাই বিন্দাচ কৈছোঁ-“খুড়াই আপোনাক ভিতৰলৈ মাতিছে।”সি ভিতৰত আহিবলৈ জোতাযোৰ খুলিব লওঁতে কিবা মোৰ মুখৰ পৰা নিজে নিজে ওলাই গল-“নালাগে দিয়ক খুলিব এনেও লেতেৰা হৈছেই মজিয়াখন।” OK বুলি কৈ সি সোমাই আহিল।মই আগে আগে আৰু মোৰ পিছত সি একেলগে ড্ৰয়িং ৰুমলৈ সোমাই আহিল।

        -” ইকবাল আহিলা? এওঁ মিষ্টাৰ সীমান্ত কলিতা মোৰ খুব ভাল বন্ধু।আৰু কলিতা ই ইকবাল । আজি এবছৰে হল প্ৰায় মোৰ তাত ভাড়া আছে।” আজি কিবাকে খুড়াৰ মুখত তাৰ নামটো শুনিলোঁ।-“নমস্কাৰ uncle” তেতিয়ালৈ মই ত্ৰে খন সাৱটি ধৰি পাপাৰ পিছফালে থিয় হৈ আছোঁ।কিবা এটা বেলেগ ধৰণৰ লাগি আছে গাটো।-“হে ডেকা লৰা থিয় হৈ কিয় আছা ,বহা।” আমাৰ পাপাৰ কথাবোৰ এনেকুৱাই।সকলোকে নিজৰ দৰে ব্যৱহাৰ কৰে।-“uncle নবহোঁ দিয়ক।মই কামৰ পৰা আহিলোঁ গাটোও ধোঁৱা নাই।”–“চাহ একাপ খাই যোৱা। আজি আকৌ আমাৰ মাজনীৰ জন্মদিন।তাই আকৌ বেয়া পাব নহলে।ন মাজনী?”–“হে হে হয় চাহ খাই যাওক।😄” মোৰো কৈয়ে দিয়া গল ।-” ঠিক আছে দিয়ক তেনেহলে ।কিন্তু অলপ সোনকালে কৰিব।আৰু by the way happy birthday ৰুবি।” আচৰিত! মোৰ নামটো সি কেনেকৈ গম পালে।আজিৰ পৰা মনত আৰু এটা চিন্তা সোমাল এতিয়া। কিন্তু আজি বহুত দিনৰ পৰা চাব বিচৰা বস্তু এটা দেখিলোঁ।তাৰ হাঁহিটো সচাকৈ মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই ☺️।মই thanks বুলি কৈ আৰু তাত ৰব নোৱাৰিলোঁ।মুখখন কিবা ৰঙা পৰি গল।

       খুড়া হতে চাহ খাই উঠিছিল তেতিয়া, ইহঁতকেইটা মোৰ ৰূমতে আছিল। মই সিহঁতক অলপ ৰব দি আকৌ আহিলোঁ তাক চাহ দিব।সি তেতিয়ালৈ খুড়া আৰু পাপাৰ লগতে কথা পাতি আছিল, খুড়ী ,মাৰ লগত পাকঘৰত,অম্লান দা তেতিয়ালৈ আহি পোৱা নাছিল। মাই তাক দাঁইনিং ৰুমলৈ মাতিব কলে। মই আৰু অলপো পলম নকৰি চিধা দ্ৰয়িং ৰুম পালোঁ।- “চাহ দিছোঁ”সি মোৰ ফালে মূৰটো তুলি চালে।-” যোৱা চাহখিনি খাই লোৱা।আমি কেতিয়াবাই খালোঁ।” সি মোৰলগত দাঁইনিং ৰুমলৈ গল। খুৰীয়ে তাক দেখি মাত লগালে-“অ’ আমাৰ কাশ্মিৰী অপেলটো আহি মোক মাত এষাৰো দিয়া নাই।” সি হাঁহি এটা মাৰি দিলে।হাঁহিলে সচাই তাক বহুত মৰম লাগে ☺️।খুৰীয়ে তাক মাৰ লগত চিনাকি কৰি দিলে।চাহ খাই খাই সি মা হতৰ লগত কথা পাতিব ধৰিলে আৰু মই তাৰ ফালে চাই আছো।কিন্তু আচৰিত! তাৰ সন্মুখতে থিয় হৈ আছোঁ মই।মোৰ ফালে এবাৰো নাচালে।

CLICK HERE TO READ CHAPTER 2 

     অলপ পিছত চাহ খাই সি যাব ওলাল।আৰু মই তাৰ পিছে পিছে দৰ্জা মুখলৈ গলো।মনতে ভাবি আছোঁ এবাৰ মাতিলে ভাল আছিল😁। চিৰিটোত ভৰি দি পিছফালে ঘূৰি চাই কলে-” আহিছোঁ দিয়া” মই কপৌ চৰাইটোৰ দৰে তাৰফালে চাই এ আছিলোঁ।-“hey birthday girl আহিছোঁ।” মুখখনত হাঁহিটো ওলোমিয়ে আছিল। মুখখন কিবা লাইটৰ পোহৰত আৰু ৰঙা দেখা গৈছিল। মই তাক কিবা  কবলৈ জিভাখন ঘূৰি নাহিল। কিবাকে হাঁহি এটা মাৰি সন্মানটো বচালোঁ।

          সি যোৱাৰ  অলপ পিছত অম্লান দা আহি পালে  আৰু আমি কেক কাতিলোঁ।অলপ পিছত চাহ পানী খাই ইহঁতকেইটা গুচি গল। ভাত খাব জোৰ কৰিলোঁ কিন্তু সিহঁতৰ ঘৰলৈ বোলে দেৰি হব। ৯-৩০ মান বজাত ভাত খাই খুৰীহঁতো ঘৰ গল।ফেচি আৰু মই ভাত খাই অলপ পিছত ৰুমত গলো।মোৰ তামাম ভোক লাগি আছিল।দুপৰীয়া একো নোখোৱা বাবে চাগে।

        এইৰ লগত মোৰ কথা আৰম্ভ হলে কিবা শেষে নহয়।এবাৰ ভাবিলোঁ তাইক কৈয়ে দিওঁ নেকি তাৰ কথাষাৰ।নাই, মনটোৱে কব মানা কৰিলে। so নকলো,মনতে ভাবিলো পিছত কম বুলি।তাইৰ লগত কথা পাতোঁতে পাতোঁতে আঢ়ৈটা বাজিল। শুব ওলালোঁ,then ঘপককৈ ভাব এটা আহিল। পাঁচটা দেখোন  বাজিবই হল। যদি মই সাৰ নাপাও তাক চোন দেখাই নাপাম। বিচনাৰ পৰা উঠি অহাই তাই কি হল সুধিলে।-” তই টোপনি যা, মোৰ  টোপনি অহা নাই অলপ পিছত শুম দে মই।” এইবুলি কৈ মই লেপটপত netflix অন কৰি ললোঁ। তাই টোপনি গল।’ the crown’  ৰ দুটা  episode  চোৱাৰ পিছত ৪:৪৫ বাজিল। মই মুখখন ধুই আহিলোঁ।

                       ……আগলৈ

Leave a Reply

Your email address will not be published. Required fields are marked *