উদ্যম vs এলাহ By – Arup Deka

Axomiya Article

উদ্যম vs এলাহ

প্ৰবাহিত ঘটনাৰ দিনাংক :18/04/2019

 “দাদা ভোট  দিলেনে?” ঘৰৰ পদূলিত থিয় হৈ থকা শইকীয়া দাক সৌজন্যতাৰ মাতষাৰ লগালো।

“পুৱাই দিছো ভাইটি, সেইবিলাক জোট মই দেৰিলৈকে ৰাখি নথও”:শইকীয়া দাৰ চিধা উত্তৰ।

“চৰকাৰ কাৰ হব যেন পাইছে এইবাৰ?” এনেয়েও সুধিলোঁ।

“যাৰ হয় হব ,সেইবিলাক মাথা মৰাৰ ইচ্ছাও নাই, সময়ো নাই,”পুনৰ চিধা উত্তৰ দি দিলে দাদাই।

উত্তৰৰ ধৰণলৈ চাই অদৰকাৰী প্ৰশ্নটো ৰ বাবে লজ্জাবোধ কৰিলোঁ।

“তোমাক মই কথা এটা সোধো ভাইটি,চৰকাৰী ঘৰ বিলাক যে দিয়ে মই কিয় নাপাওঁ নো ভাইটি?”দাদাক মাত লগোৱাৰ ভুলটো বুজি উঠিলোঁ এই প্ৰশ্নত।

“ইমান ডাঙৰ ঘৰটো থাকোতে আৰু ক’ত দিবহে আপোনাক।”বহু চেষ্টাৰ অন্তত ওলোৱা হাঁহি এটাৰ সৈতে কলো।

“মোক দিলেও নালাগে ভাইটি,মোৰ ঘৰ মই নিজেই চলাম,মোক চৰকাৰৰ help নালাগে ।”দাদাই ক’লে।

“এটা কথা কওঁ শুনিবা ভাইটি,মোৰ বন্ধু এজন, মোতকৈ পঢ়া শুনাত ভালো আছিল, কিন্তু কাম বন একো নাই , মইতো তাক ধোদ বুলিয়েই মাতো ভাল পাওক, বেয়া পাওক । ঘৰখনেই চলাব নোৱাৰে অ’ত ধাৰ,ত’ত ধাৰ ।দুমাহ আগত চৰকাৰী ঘৰ পাইছে বোলে।এতিয়া তুমি চোৱা ভাইটি মই কিমান কাম কৰোঁ তোমালোকে দেখি থাকা,কষ্ট কৰি মই চৰকাৰৰ দুপইচা বচালো নে নাই।এতিয়া কথাটো হ’ল চৰকাৰে মোক পুৰস্কাৰ দিব লাগিছিল নে ধোদটোক?”: কথাখিনি কৈ মুখ বন্ধ কৰি মোলৈ কিছু সময় চাই থকা বাবে মোৰ সঁহাৰিৰ প্ৰয়োজন বোধ কৰি লাহেকৈ মাত লগালো।

মই: আপোনাক।

“এতিয়া চাবা মই দুখীয়াক সহায় কৰা চৰকাৰী নীতিক বেয়া নাপাওঁ । কিন্তু এলাহ ৰ কাৰণে হোৱা দুখীয়াক সাহাৰ্য্য দিয়াৰ বিৰোধী।আমাৰ দেশ উন্নত নে উন্ননয়শীল ভাইটি? ” মোলৈ বুলি সৰু প্রশ্ন এৰিলে তেওঁ।

“উন্নয়নশীল”: উত্তৰ দিলোঁ।

“ভাইটি এটা কথা কওঁ শুনা যিদিনাৰ পৰা এলাহক পূজা কৰা বাদ দি উদ্দ্যমক পূজা কৰা হব তেতিয়াৰ পৰাই দেশ উন্নতৰ পৰিচয় পত্ৰ পোৱাৰ দিশে অগ্ৰসৰ হব………কৈ থকাৰ মাজতে “দেউতা মোবাইল বাজি আছে “বুলি ঘৰৰ পৰা অহা চিঞৰত ভাইটি যাবা বুলি দাদাই ভিতৰ সোমাই গ’ল।……

গাড়ী খন ষ্টাৰ্ট কৰিলোঁ।……..

Leave a Reply

Your email address will not be published. Required fields are marked *